
চাবুৱাঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ যিমানেই বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিছে, সিমানেই প্ৰতিফলিত হ’ব ধৰিছে গ্ৰাম্য এলেকাৰ বিদ্যালয়সমূহৰ ফোঁপোলা স্বৰূপ৷ শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে নাজানে৷
নতুবা বহুল সমস্যাৰে যুঁজ দি থকা ৰাজ্যৰ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ অভাৱ-অনাটনৰ কথা অনুভৱ কৰিব খোজা নাই৷ প্ৰকৃততে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক শিক্ষাদানেৰে উপকৃত কৰাৰ হয়তো চৰকাৰৰ ইচ্ছা নাই৷
যোৱা বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰি বিজয়ী হোৱা বিজেপি, অগপ আৰু বিপিএফৰ বিধায়কসকলে শীততাপ নিয়ন্ত্ৰিত দিছপুৰৰ বিধায়ক আৱাস লাভ কৰাৰ পিছতেই গ্ৰাম্য এলেকালৈ আহিবই পাহৰিলে৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত নিজ সমষ্টিত সময়ে সময়ে ঘুৰিবলৈ হে আহে একাংশ বিধায়কে৷ এই অভিযোগ আমাৰ নহয়৷ এই অভিযোগ হৈছে অসমৰ গ্ৰাম্য এলেকাৰ জনসাধৰণৰ৷
শিক্ষাৰ সংস্কাৰৰ নামত লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷
এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷
এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়।
গুণোৎসৱে ৰাজ্যৰ বিদ্যালয় সমূহৰ স্বৰূপ উদঙাই দিয়াত সহায়ক হৈছে৷ শিক্ষা ৱ্যৱস্থা, শিক্ষণ প্ৰক্ৰিয়াৰ আসোঁৱাহ সমূহৰ লগতে ছাত্ৰৰ অনুপাতে বিদ্যালয় সমূহত শিক্ষক নোহোৱা বিষয়টোও বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ সততে শিক্ষা বিভাগৰ উন্নয়ন হৈছে বুলি দম্ভালি মাৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ এক পঁয়ালগা ছবি পোহৰলৈ আহিছে৷
দুলীয়াজান বিধানসভা সমষ্টিৰ লোহালি মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক৷ ২২৬গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত মাত্ৰ ৫গৰাকী শিক্ষকেই শিক্ষাদান কৰিব লগা ঘটনাই চকু কপালত তুলিছে সচেতন মহলক৷ বিদ্যালয়খনত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ ১৭ বছৰে গণিত বিষয়ৰ শিক্ষক নথকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে বিষয়টো বুজি উঠাত অসুবিধাৰ সন্মুখীন হৈ আহিছে৷
পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ কাৰ্যকালত এই গৰাকী হিমন্ত বিশ্ব শৰ্মাই একেটা বিভাগৰে মন্ত্ৰী হৈ থকাৰ পিছতো যোৱা ১৭ বছৰে গণিত বিষয়ত শিক্ষক নিযুক্তি নিদিয়াতো মন্ত্ৰীগৰাকীৰ বিফলতাকে প্ৰতিপন্ন কৰে বুলি কয় ৰাইজে৷
এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ অহাত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ লক্ষ্যৰে স্থানীয় তিনিগৰাকী উচ্চ শিক্ষিত যুৱতীক নিয়োগ কৰি পাঠদান কৰি আহিছে৷ শিক্ষামন্ত্ৰীয়ে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিম বুলি কথা দিয়াৰ পিছতো শিক্ষক নিযুক্তি নিদিয়াত প্ৰধান শিক্ষকগৰাকীয়ে স্থানীয় ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি যুৱতী তিনিগৰাকীক ১২০০০ টকাকৈ মাহিলী বেতন দি আহিছে৷
উল্লেখ্য যে, শিক্ষা সঞ্চালন বিভাগৰ অনোযোগিতাৰ ফলতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে এনে সমস্যাৰ সন্মুখীন হৈ আহিছে৷ উজ্জ্বল ভৱিষত্যৰ আশাত বন্দী ছাত্ৰ-ছাত্ৰীসকলৰ এই সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগক বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজ তথা সচেতন মহলে৷