কেলেংকাৰীৰ তথ্য গাপ দিবলৈ দুৰ্বৃত্তই খুলি নিলে নেকি বেংকৰ কম্পিউটাৰৰ হাৰ্ড ডিক্স?

তেজুপৰঃ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত যোৱা কেইবা দিনৰ ভিতৰত বহুকেইটা অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ ফলত জনসাধাৰণ চিন্তিত হৈ পৰিছে৷  সেনা-আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা তেজপুৰ চহৰত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে চিন্তিত হ’ব লগা হৈছে ৰাইজ৷ 

প্ৰেমজনিত কাৰণত এজন যুৱকক হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ ডকাইতি কাণ্ড সংঘটিত হ’ল চহৰত৷ জানিব পৰা মতে, তেজপুৰ চহৰৰ সমীপৰ পৰোৱাত নিশা এটি বেংক লুটি নিয়াৰ চেষ্টা চলাই দুৰ্বৃত্তই৷ 

ৰাজ পথৰ দাঁতিৰ অসম গ্ৰামীণ বিকাশ বেংকৰ পৰোৱা শাখাত পুৱা বেংকৰ কৰ্মচাৰী উপস্থিত হৈ কাগজ-পত্ৰ বিশৃংখল ভাৱে পৰি থকাৰ লগতে কম্পিউটাৰৰ ঢাকনি খুলি থকা প্ৰত্যক্ষ কৰে৷ বেংকৰ কৰ্মচাৰীয়ে কিছু সময় পিছতেই ভেন্টিলেটৰেৰে দুৰ্বৃ্ত্তই বেংকৰ ভিতৰত প্ৰৱেশ কৰা বুলি খাটাং হোৱাৰ পিছতেই আৰক্ষীক খবৰ দিয়ে৷ 

অসম গ্ৰামীণ বিকাশ বেংকৰ পৰোৱা শাখাত দুৰ্বৃত্তই লুটি নিয়াৰ চেষ্টা চলাই যদিও নগদ টকা নিবলৈ সক্ষম নহয় কিন্তু কম্পিউটাৰৰ হাৰ্ড ডিক্স লৈ উধাও হয়৷ আনহাতে, দুৰ্বৃত্তই বেংকৰ টকাৰ পৰিৱৰ্তে কম্পিউটাৰৰ হাৰ্ড ডিক্সৰ বাবে ভিতৰত প্ৰৱেশ কৰা বুলি হে সন্দেহ কৰে৷ 

যাৰ বাবে বেংকৰ ল'কাৰৰ পৰিৱৰ্তে কম্পিউটাৰক টাৰ্গেট কৰে৷ বৃহস্পতিবাৰে নিশা বেংকৰ শাখটোৰ ভেন্টিলেটৰ ভাঙি চোৰৰ দল ভিতৰত প্ৰৱেশ কৰে যদিও টকা-পইচা নিয়াৰ পৰিৱৰ্তে চাৰিটাকৈ কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ তথ্যপাতি নিয়া কাৰ্যই বেংকত কোনো বিয়াগোম ঘোটালা সংঘটিত হোৱাৰো সন্দেহ কৰে৷ যাৰ বাবে  হাৰ্ড ডিক্সৰ পৰা তথ্য লুকুৱাব বিচৰা বুলি বুঃ বাঃ আৰম্ভ হৈছে৷