
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ ময়নাগুৰীত এটা পৰিয়ালকেন্দ্ৰিক বিবাদৰ পৰিণতিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। উত্তৰ ময়নাগুৰীৰ ৰমনী সূত্ৰধাৰৰ পুত্ৰ তথা মানসিক বিকাৰগ্ৰস্থ উত্তম সুত্ৰধৰ (২৫)ৰ সতে যোৱা দেওবাৰে নিশা পৰিয়ালৰ আন সদস্যসকলৰ সতে কোনো কথাক লৈ কাজিয়াৰ সুত্ৰপাত হয়। অভিযোগ অনুসৰি পৰিয়ালকেন্দ্ৰিক কাজিয়াত পৰিয়ালৰ আন সদস্যসকল একত্ৰিত হৈ উত্তম সূত্ৰধাৰক আক্ৰমণ কৰে আৰু বাঁহৰ লাঠীৰে মাৰধৰ কৰে।
বাঁহৰ লাঠীৰে আক্ৰমণ কৰাৰ সময়ত দুৰ্ভাগ্যজনক বাৱে উত্তম সূত্ৰধাৰ গুৰুতৰভাৱে আহত হয় আৰু ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয়। ইফালে উত্তম সূত্ৰধাৰ নিহত হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ মাজত হুৱাদূৱা লাগে আৰু সমস্ত ঘটনাটো গাপ দিবলৈ উত্তম সূত্ৰধাৰৰ মৃতদেহ টয়লেটৰ টেংকীত লুকুৱাই থয়। আনহাতে মানসিক বিকাৰগ্ৰস্থ যুৱক উত্তম সূত্ৰধাৰক নেদেখি গাঁৱৰ একাংশই পৰিয়ালৰ সদস্যক সোধ পোছ কৰে যদিও পৰিয়ালৰ সদস্যই কাজিয়াৰ পিছতে পলাই যোৱা বুলি অৱগত কৰে।
কেবাদিন অতিক্ৰম কৰাৰ পিছতো উত্তমৰ কোনো শুংসূত্ৰ বাহিৰ নোলোৱাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু বিষয়টো আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাটো গুৰুত্ব সহকাৰে লৈ শুকুৰবাৰে পুৱতি নিশাই জ্যেষ্ঠ-কনিষ্ঠ ভাতৃ ক্ৰমে অনন্ত সুত্ৰধৰ(৫০), গৌতম সুত্ৰধৰ(৪০), বিষ্ণু সুত্ৰধৰ(৩০) আৰু নবৌ মাধৱী সুত্ৰধৰ(২৪)ক আটক কৰি জেৰা কৰাত উৰহিৰ ওলাই পৰে।
অভিযুক্তই দেখুৱাই দিয়া অনুসৰি আৰক্ষীয়ে টয়লেট টেংকীৰ পৰা মৃতদেহ গাত খান্দি উলিয়াই মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে চাৰি অভিযুক্তক আটক কৰি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে। মানসিক বিকাৰগ্ৰস্থ যুৱক উত্তম সূত্ৰধৰক এনেদৰে হত্যা কৰা ঘটনাই একাংশৰ যে মানবীয় অৱক্ষয়ে চুড়ান্তৰূপ ধাৰণ কৰিছে তাকে প্ৰমাণিত কৰে।