অসম আন্দোলনত নিৰ্যাতিত পৰিয়ালৰ ন্যায়ৰ বাবে যুঁজ দিব নিৰ্যাতিত পৰিষদে

জাজৰিঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ শংকৰ মন্দিৰ ৰাজহুৱা ভৱন প্ৰাংগনত অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ লোকৰ উপস্থিতিত যোৱা ১৫ মাৰ্চত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইদঙীয়া আঞ্চলিক সমিতি আৰু অসম আন্দোলনৰ নিৰ্যাতিত পৰিয়ালৰ সদস্যৰ আহ্বানত অনুষ্ঠিত সভাত বিশিষ্ট সমাজকৰ্মী তথা নিৰ্যাতিত গকুল চন্দ্ৰ বৰাৰ সভাপতিত্ব কৰে৷ 

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰাইদঙীয়া আঞ্চলিক আছুৰ সভাপতি ভাস্কৰজ্যোতি ভূঞাই। সভাত  সদৌ নগাঁও জিলা আছুৰ সভাপতি অভিজিৎ দাস উপস্থিত থাকি ছয় বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা অগপ চৰকাৰে ১০ বছৰ শাসন কালত জাতীয় স্বাৰ্থ সমূহ পূৰণ কৰিব নোৱাৰিলে বুলি কয়।

জাতীয় চেতনাবোধ থাকিলেও ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত এইবোৰ পূৰণ কৰাত ব্যৰ্থ হল। বিগত দিনত কংগ্ৰেছ দীৰ্ঘ দিন শাসনত থাকিলেও জাতীয় স্বাৰ্থ সম্পূৰ্ণ আওকান কৰিলে। বৰ্তমান বিজেপি চৰকাৰ খনেও পৰিৱৰ্তনৰ নামত নিজকে শক্তিশালী কৰাৰ স্বাৰ্থত হিন্দু বাংলাদেশীক লৈ ৰাজনৈতিক ক্ষমতা দীৰ্ঘদিনীয়া কৰাতহে গুৰুত্ব দিয়া দেখা গৈছে। 

কিন্তু অসম আন্দোলনৰ প্ৰকৃত নিৰ্যাতিত লোকক মাত্র সামান্য পূজিৰে চৰকাৰ খনে সাহাৰ্য প্ৰদান কৰি আভূৱা ভৰাহে দেখা গৈছে। এক কথাত কবলৈ গলে অসমৰ ৰাইজক জাতীয় চেতনাবোধেৰে সুৰক্ষা দিব পৰা এখন চৰকাৰ এতিয়াও হোৱা নাই। গকুল চন্দ্ৰ বৰাই অসম আন্দোলনৰ প্ৰকৃত নিৰ্যাতিতসকলৰ এখন সমগ্ৰ অসম জুৰি মঞ্চ গঠণৰ আহ্বান জনাই সদৌ অসম ছাত্র সন্থাৰ পদক্ষেপক প্ৰসংশা কৰে। 

প্ৰাক্তন মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈক মুখ্য উপদেষ্টা, অভিজিৎ দাসক উপদেষ্টা, গকুল চন্দ্ৰ বৰাক সভাপতি, প্ৰসন্ন শইকীয়াক সাধাৰণ সম্পাদক আৰু ৰাইদঙীয়া আছুৰ সভাপতি ভাস্কৰজ্যোতি ভূঞা আৰু সম্পাদক প্ৰাঞ্জল দাসক প্ৰদেন সদস্য হিচাবে লৈ অসম আন্দোলনৰ ৰাইদঙীয়া আঞ্চলিক নিৰ্যাতিত পৰিষদ গঠণ কৰা হয়।