NRC নহয় যেন মহামিলনৰ সাঁকো, কোকৰাঝাৰত দুই ভাতৃৰ মিলন

কোকৰাঝাৰঃ ৰাজ্যৰ বহু পৰিয়ালৰ মহামিলন ঘটিল NRCৰ জৰিয়তে৷ উজনি-নামনি আৰু বৰাক উপত্যকাৰ পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা লোকৰ প্ৰতিদিনে মহামিলন ঘটাৰ বাতৰি প্ৰকাশ হৈ আহিছে৷ NRC এতিয়া মহামিলনৰ সাঁকো হৈ পৰিছে৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে এনআৰচি উন্নীতকৰণৰ কাম দ্ৰুতগতিত অব্যাহত থকাৰ সময়তে কোকৰাঝাৰত সম্পূৰ্ণ ৪৬ বছৰৰ পিছত এনআৰচি পৰীক্ষণৰ সময়ত এটা পৰিয়ালৰ মহা মিলন হোৱা ঘটনাই পৰিয়াল দুটাৰ মাজত আনন্দৰ জোঁৱাৰ নামিছে। 

মধুৰ সম্পৰ্ক আৰু সম্বন্ধ বিছিন্ন হৈ সূদীৰ্ঘ সময়ৰ অন্তত একেলগ হোৱা পৰিয়াল দুটা হ'ল ধেমাজি জিলাৰ চিমেন চাপৰিৰ বিপিন সুত্ৰধৰ আৰু আনজন হ'ল কোকৰাঝাৰ হেকাইপাৰাৰ শুক্লেশ্বৰ সুত্ৰধৰ। প্ৰাপ্ত বাতৰি অনুসৰি এনআৰচিৰ পৰীক্ষণৰ বাবে দুয়োটা পৰিয়াললৈ জাননি প্ৰেৰণ কৰা হৈছিল আৰু সেইমতে দুয়োটা পৰিয়ালে সোমবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীত এনআৰচি সেৱা কেন্দ্ৰত উপস্থিত হয়। 

দুই ভাতৃ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ একেলগ হোৱাত দুয়োটা পৰিয়ালৰ মাজত আনন্দৰ বন্যা বয় আৰু অতীতৰ মধুৰ স্মৃতিক সুৱৰি দুই ভাতৃ আৱেগিক হৈ পৰে। দুই ভাতৃয়ে ইজনে সিজনৰ পৰিয়ালৰ সদস্যসকলৰ সতেও চিনাকী হৈ আৱেগিক হৈ পৰে। ছিন্ন হৈ যোৱা সম্পৰ্ক একমাত্ৰ এনআৰচিৰ বাবেই পুণৰাই মিলন হোৱাত দুয়োটা পৰিয়ালে এনআৰচি কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়া দিলীপ ভুঞাই দুয়োটা পৰিয়ালৰ মহামিলনৰ ক্ষণ মধুৰ আছিল বুলি মন্তব্যৰে এনআৰচিৰ বাবেই দুয়োটা পৰিয়ালে একেলগ হবলৈ সুবিধা পোৱাটো সৌভাগ্যজনক বুলিও মত প্ৰকাশ কৰিছে।