শিৱসাগৰত একত্ৰিত হ’ব অসমৰ গাঁওবুঢ়া, লব পাৰে আন্দোলন কৰাৰ সিদ্ধান্ত

জয়সাগৰঃ অসমৰ গাঁওবুঢ়াসকলে বছৰ বছৰ ধৰি বিভিন্ন দাবী উত্থাপন কৰি দাবী সমূহ পূৰণ কৰাৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে৷ দিনে-নিশাই সমাজ খনৰ বাবে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰা গাঁওবুঢ়াসকলে সামান্য দৰমহাৰে পৰিয়াল চলাবলগীয়া হয়৷

নিতৌ আৰক্ষী থানা, ৰাজচক্ৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়ত সভা-সমিতি কৰি ব্যস্ত হৈ থকা গাঁওবুঢ়াসকলে সামন্য টকাৰে পৰিয়াল চলাবলগীয়া হোৱাত ব্যাপক সমস্যাত পৰে৷ বিভিন্ন সময়ত ৰাজ্যৰ গাঁওবুঢ়াসকলে চৰকাৰক তেওলোকৰ সমস্যা সমূহ সমাধানৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ 

সমগ্ৰ অসমৰ গাঁওবুঢ়াসকল একত্ৰিত হৈ ইতিমধ্যে গঠন কৰিছে সংগঠন৷ সদৌ অসম গাঁওবুঢ়া সন্থাৰ নামৰ সংগঠনটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহক ২৫ মাৰ্চত শিৱসাগৰ জিলাত অনুষ্ঠিত হ’ব। 

সভাখন শিৱসাগৰ নগৰৰ আৰক্ষী থানা পথৰ আশীৰ্বাদ ভৱনত অনুষ্ঠিত হ’ব। সন্থাৰ মূল সমিতিৰ বিষয়-ববীয়াসকলৰ লগতে জিলা-মহকুমা সমতিৰ সভাপতি-সম্পাদকসকল তথা শিৱসাগৰ জিলাৰ সকলো গাঁওবুঢ়া উপস্থিত থাকিব সভাত৷

সভাত বিভিন্ন সমস্যা সমূহৰ আলোচনা কৰাৰ লগতে কৰ্মসূচী নিৰ্ধাৰণ কৰিব সংগঠনটোৱে৷ আনহাতে এই সভাত দাবী পূৰণ কৰাৰ বাবে আন্দোলন কৰাৰ সিদ্ধান্ত লোৱাৰ আশংকা কৰা হৈছে৷