শিক্ষাৰ অধিকাৰ আইন উলংঘা, ১১ বছৰে শিক্ষক নাই ৰাজ্যৰ এখন বিদ্যালয়ত, তথাপিও গুণোৎসৱত এ-গ্ৰেড

গোৰেশ্বৰঃ শিক্ষাৰ অধিকাৰ আইনক উলাংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰত৷ ৬-১৪ বছৰৰ সকলো শিশুকে বিনামূলীয়া- বাধ্যতামূলক শিক্ষাৰ অধিকাৰ ভাৰত চৰকাৰে দিব লাগিব। ভাৰতৰ সংবিধানৰ ৮৬নং সংশোধনত ২১(ক) দফাত এই কথা উল্লেখ আছে৷ 

সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব চৰকাৰে৷ কিন্তু এই আইনক মানি চলিছেনে চৰকাৰে৷ আইন মানি চলাটো দূৰৰ কথা চৰকাৰে আইন বনাই নিজেই ভংগ কৰিছে৷ এতিয়া কৈ শেষ কৰিব নোৱাৰি ৰাজ্যৰ এলেকাৰ শিক্ষা ব্যৱস্থাৰ কথা৷ বিশেষকৈ গ্ৰাম্য এলেকাৰ বহু বিদ্যালয়ত আজিও নাই ছাত্ৰ অনুপাতে শিক্ষক৷ 

বহু স্কুলত ৰাইজে গাঁঠিৰ ধন ভাঙি শিক্ষক নিয়োগ কৰি পাঠাদান চলাই হৈছে৷ শিক্ষকৰ অভাৱৰ বাবে গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ বাবে এটি ভয়াবহ সমস্যা ৰূপে দেখা দিছে৷     

তাৰ মাজতে, বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বাঙালীপাৰাৰ ডাবখিলা প্ৰাথমিক বিদ্যালয়ে শিক্ষক অবিহনে গুণোৎসৱত এ-গ্ৰেড লাভ কৰে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত এখন বিদ্যালয়ে এগৰাকীও শিক্ষক নথকাৰ পিছতো এ-গ্ৰেড লাভ কৰাত চকু কপালত উঠিছে সচেতন মহলৰ। 

১৯৫৭ চনত স্থাপিত বিদ্যালয় খন ১৯৬২ চনত প্ৰাদেশিকীকণ কৰে চৰকাৰে৷ প্ৰাথমিক বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ বৰ্তমান সংখ্যা মুঠ ৪৬গৰাকী। অসমীয়া-বড়ো দুয়োটা মাধ্যমৰ বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ২ জন। প্ৰধান শিক্ষয়িত্ৰী ফাংজুমুঠি মুছাহাৰী আৰু সহকাৰী টেট শিক্ষক সমীন দৈমাৰী দুয়োজন বড়ো মাধ্যমৰ শিক্ষক। 

২০০৭ চনৰ পৰাই আজিলৈ অসমীয়া মাধ্যমৰ শিক্ষক নাই বিদ্যালয়খনৰ অসমীয়া মাধ্যমত। বিদ্যালয়খনত মুঠ ৪৬গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৭গৰাকীয়েই অসমীয়া মাধ্যমৰ ৷ ১৯গৰাকী বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী। বড়ো মাধ্যমৰ থিকেই চলিছে যদিও অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল নিজ সন্তানৰ ভৱিষ্যতৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷

বড়ো মাধ্যমৰ শিক্ষকে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী পাঠদান কৰিব লগা হোৱা বিষয়টোত চিন্তিত হৈ পৰিছে অভিভাৱক৷ জানিব পৰা মতে, ২০০৭ চনৰ পূৰ্বে অসমীয়া মাধ্যমৰ শিক্ষক আছিল যদিও এগৰাকী শিক্ষকে অৱসৰ লোৱাৰ লগতে আনজন অন্য ঠাইলৈ বদলি হৈ যায়৷ অসমীয়া মাধ্যমৰ শিক্ষকৰ সংখ্যা শূন্য হৈ পৰে বিদ্যালয় খনত। 

বড়ো মাধ্যমৰ শিক্ষয়িত্ৰীগৰাকীয়ে অসমীয়া কিছু জানে বাবে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে যদিও বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা বুলি কয়। বাঙালীপাৰাৰ ডাবখিলা প্ৰাথমিক বিদ্যালয়ত শিক্ষক নথকাৰ কথাটো শিক্ষক সন্মিলনী তথা তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কেইবাবাৰো অৱগত কৰা গৈছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে বিষয়াগৰাকীয়ে৷

তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই গুণোৎসৱৰ পিছতে শিক্ষকৰ ব্যৱস্থা কৰাৰ কথা কৈছিল যদিও আজিলৈ শিক্ষক নিযুক্তি নিদিলে৷ ইপিনে দুয়োটা মাধ্যম থকা বিদ্যালয়খনত ক-শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ ছয়টা শ্ৰেণীত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা সম্ভৱ নহয় বুলি কয় বড়ো মাধ্যমৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। ইপিনে অভিভাৱকসকলে বিদ্যালয়খনৰ পৰা ছাত্র-ছাত্ৰীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ নিবলৈ বাধ্য হৈছে৷ 

শিক্ষকৰ অভাৱৰ মাজেৰে গুণোৎসৱ পাৰ কৰি বিদ্যালয়খনে লাভ কৰিলে এ-গ্ৰেড।অসমীয়া মাধ্যমৰ এজনো শিক্ষক নোহোৱাকৈ কেনেদৰে বিদ্যালয়খনে এ-গ্ৰেড লাভ কৰিলে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে। যি সময়ত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰা আৰু সকলোকে বিনামূলীয়া শিক্ষা দিয়াৰ কথা প্ৰচাৰৰ বিজ্ঞাপনৰ নামত কোটি কোটি টকাৰ নামত খৰছ কৰাৰ সময়তে খোদ চৰকাৰে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে।