
গুৱাহাটী/চাবুৱাঃ দেশৰ সম্পদ ক্ৰমান্বয়ে পুঁজিপতিৰ হাতলৈ যোৱাৰ লগতে ৰেল ষ্টেছনৰ পৰা আৰম্ভ কৰি দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগ-বিদ্যালয় এতিয়া পুঁজিপতিক গতাবলৈ সাজু বুলি দেশৰ চৰকাৰ সমূহ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে৷
দেশৰ লোকে দি অহা কৰৰ টকা এতিয়া পুঁজিপতিয়ে নিজ বেংকৰ ভৰাই লৈ বিদেশলৈ পলায়ন কৰিব ধৰিছে৷ কিন্তু সাধাৰণ লোকে এসাজ ভাত, সন্তানৰ শিক্ষাৰ বাবে আৰ্তনাদ কৰিব লগা হৈছে৷
ৰঙিয়াত সেনাৰ অধিনত চলা এখন বিদ্যালয় আৰু কাৰ্বি আংলঙৰ বোকাজানত কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি অহাৰ সময়তে এইবাৰ এখন নাৰী শিক্ষাৰ অনুষ্ঠান বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে৷
২০১৬ চনৰ পিছৰে পৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ৰাইজে প্ৰতিদিনে ৰাজ পথলৈ ওলাই আহি থাকিব লগা হৈছে৷ সেয়া হিন্দু বাংলাদেশীৰ সমস্যাই হওক নতুবা অসমত দিন দয়ালৰ নামত বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্তই হওক৷ চৰকাৰ খনে জনমত বিৰোধী কাম-কাজত লিপ্ত হৈ থকাৰ অভিযোগত ৰাইজে প্ৰতিবাদ কৰি আহিছে৷
চৰকাৰখনৰ এতিয়া এটাৰ পাছত আন এটা যেন হঠকাৰী সিদ্ধান্তই ৰাইজক ক্ষোভিত কৰি ৰাখিছে৷ এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব দিয়া নহয় বুলি হুংকাৰ প্ৰদান কৰিছে৷ মঙলবাৰৰ পৰা প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত৷
বুধবাৰে পুনৰ উত্তাল হৈ পৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চল৷ সদৌ অসমৰ ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিৰ উদ্যোগত ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে সমদল উলিয়াই ৰাজপথ উত্তাল কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে৷
ডি ডি আৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ পৰা চাবুৱা চাৰিআলিলৈ সমদল কৰি আহি চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজ পথ কঁপাই তোলে৷ প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনি দি চাবুৱাৰ আকাশ বতাহ কঁপাই তোলে৷
উল্লেখ্য যে, ২০১৪ চনত স্থাপন কৰা নাৰীৰ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় খনৰ উপাচার্যৰ লগতে স্থায়ী শিক্ষক আৰু স্থায়ী পঞ্জীয়ক আজিলৈ নাই। অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে শীঘ্ৰে উপাচার্য নিযুক্তিৰ দাবীত জনাই আহিছে৷ ছাত্ৰীসকলে সোমবাৰৰ পৰা ৩৬ ঘন্টীয় অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীকে ধৰি মুখ্যমন্ত্ৰী-শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷
শতাধিক ছাত্ৰীয়ে মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ পোষ্টাৰলৈ প্ৰতিবাদ সাব্যস্ত কৰি ৩০ এপ্ৰিলৰ ভিতৰত উপাচার্য নিযুক্তিৰ সময়সীমা বান্ধি দিয়ে। চৰকাৰে বিশ্ববিদ্যালয়খনক কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান কৰাৰ চিন্তা কৰে৷ বিশ্ব নাৰী দিৱসক বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে কলা দিৱস হিচাপে পালন কৰিছিল।
ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৪ চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে গগৈ চৰকাৰে মুকলি কৰা অসম মহিলা বিশ্ববিদ্যালয় খন বিভিন্ন খাম খেয়ালি থকাৰ কথা উল্লেখ কৰি উপাচার্য নথকাকৈ এখন বিশ্ববিদ্যালয় হ’ব নোৱাৰে বুলি কৈ অসম মহিলা বিশ্ববিদ্যালয়ে প্ৰদান কৰা চাৰ্টিফিকেট অবৈধ আছিল বুলি কৈ একপ্ৰকাৰ বিশ্ববিদ্যালয় খন বন্ধৰ পোষকতা কৰে৷