বিটিচিৰ বাজেট অধিৱেশন আৰম্ভ, বুধবাৰে বাজেট দাখিল হাগ্ৰামাৰ, বিৰোধী জিএমক গুৰুত্ব নিদিয়াৰ অভিযোগ

কোকৰাঝাৰঃ বিটিচি বিধান পৰিষদীয় ভৱনত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিএডিৰ বাজেট অধিবেশন৷ বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে বুধবাৰে পুৱাৰে পৰা বাজেট অধিৱেশনৰ পৰিষদীয় সদস্যৰ উপস্থিতিত আৰম্ভ কৰে৷

বুধবাৰে প্ৰথমদিনটোত সদনৰ মজিয়াত বিটিএডিৰ বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিএডিৰ ২০১৮-১৯ বৰ্ষৰ বাবে ২৪২৯৮৭.৪৮ লাখ টকাৰ বাজেট দাখিল কৰে৷ 

২৫ পৃষ্ঠাজোৰা বাজেটৰ প্ৰতিলিপি প্ৰায় এক ঘন্টাধৰি সদনৰ মজিয়াত পাঠ কৰে বিটিএডিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে৷ উল্লেখ্য যে, সদনত দাখিল কৰা ২০১৮-১৯ বৰ্ষৰ বিটিচি বাজেটত গড়কাপ্তানি, শিক্ষা আৰু কৃষি বিভাগত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি কয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

যিহেতু বিটিচি অঞ্চলত যাতায়াতৰ ক্ষেত্ৰত বহু কৰণীয় আছে সেয়ে চলিত ২০১৮-১৯ বৰ্ষৰ বিটিচি বাজেটত গড়কাপ্তানি, শিক্ষা আৰু কৃষি বিভাগত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি সদৰী কৰে৷ 

প্ৰথম দিনৰ বাজেটৰ কাৰ্যসূচীৰ অন্তত বিটিচিৰ বিৰোধী দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বিটিএডিৰ জনগাথঁনি আৰু জনসংখ্যা হিচাপত বিটিচিয়ে ১২ শতাংশ ধনৰাশি পাব লাগি বুলি কয়৷ 

সেই হিচাপত বিটিচিয়ে আৰম্ভনিৰ পৰা বাজেটৰ ধন হিচাপে ১৮ হাজাৰ কোটি টকা পাব লাগিছিল যদিও ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা এতিয়ালৈকে কেৱল ৩,৬০০ কোটি টকাহে বাজেটৰ ধন লাভ কৰিছে বুলি কয় সাংবাদিকৰ সন্মুখত৷

তেওঁ কয় যে, বিটিচিৰ বাজেট কৰিব পৰা ক্ষমতা আছে যদিও অসম চৰকাৰে সেই কৰ্তৃত্ব বৰ্তমানলৈকে দিয়া নাই৷ বিটিচিৰ উন্নয়নৰ প্ৰতি অসম আৰু কেন্দ্ৰীয় চৰকাৰে যেনেকৈ গুৰুত্ব প্ৰদান কৰা নাই তদ্ৰুপ বিটিচিৰ বিৰোধী এমচিএলএসকলৰ প্ৰতিও বিটিচি কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে কৰে ৰণগৌৰা নাৰ্জাৰীয়ে৷ 

বিটিচিৰ প্ৰতিটো বিভাগৰে উন্নয়নৰ কামনা কৰি বিটিচিত ৰৈ যোৱা আসোঁৱাহ সমূহ শীঘ্ৰে দূৰ কৰিবলৈ আহবান জনাই ৰণগৌৰা নাৰ্জাৰীয়ে।