আঠমাহে ঘূৰি নাহিল গোৰেশ্বৰৰ মুকুল দাস, নিৰুদ্দেশ হোৱা মানুহবোৰ ক’লৈ যায়?

ৰঙিয়াঃ যোৱা আঠমাহে ঘৰলৈ উভতি অহা নাই এজন যুৱক৷ মৰমৰ পুত্ৰক বিচাৰি এতিয়া হায়ৰাণ হৈ পৰিছে দুৰ্ভগীয়া মাতৃ৷ ঘৰলৈ উভটি আহিব বুলি আশাৰে বাট চাই ৰৈছে মাতৃগৰাকীয়ে৷

চকুৰ আঁৰ হ’লেই থাকিব নোৱাৰা মাতৃগৰাকীয়ে এতিয়া লঘোণে-ভোকে থাকি বুকুত একুৰা জীয়া জুই লৈ পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে৷ 

মাতৃগৰাকীৰ কনিষ্ঠ পুত্ৰ নিৰুদ্দেশ হয় ৰঙিয়া ৰেল ষ্টেছনৰ পৰা৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ দীনেশ দাস আৰু চুমতি দাসৰ কনিষ্ঠ পুত্ৰ পুত্ৰ মুকুল দাস (২৫) আঠমাহ পূৰ্বে নিৰুদ্দেশ হৈছিল৷

জানিব পৰা মতে, ৰঙিয়া শান্তিপুৰৰ বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ যাবলৈ বুলি ওলাই আহি ৰঙিয়া ৰেল ষ্টেছনৰ পৰা নিৰুদ্দেশ হয় যুৱকজন৷

যোৱা ১৮ জুলাইৰ পুৱা ৯ বজাত বায়েকৰ ঘৰৰ পৰা গোৰেশ্বৰৰ ঘৰলৈ যাবলৈ ওলাই আহি এতিয়ালৈ কোনো শুংসুত্ৰ নাই যুৱকজনৰ৷ যুৱকজনৰ কোনো শুংসূত্ৰ নোলোৱাত ৰঙিয়া ৰেল আৰক্ষী থানাত গোচৰ ৰুজু কৰে পৰিয়ালৰ লোকে।

পৰিয়ালৰ লোকে এগৰাকী মহিলাই ৰঙিয়া ষ্টেছনত উক্ত দিনাই দিনৰ প্ৰায় ১১ বজাত যুৱকজনক প্ৰত্যক্ষ কৰিছিল বুলি কয়।

মাখন ৰঙৰ হাফ চাৰ্ট আৰু মটিয়া ৰঙৰ লংপেন্ট পৰিহিত যুৱকজন গুৱাহাটী অভিমুখী ৰেলত ভুলতে উঠি দিয়া বুলি সন্দেহ কৰিছে পৰিয়ালে।

কোনো লোকে যুৱকজনৰ সন্ধান পালে 9864888963 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকসকলে।

পৰিয়ালটোৱে ৰেল আৰক্ষী, অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াক বাৰে বাৰে লগ ধৰি ঘটনাক গুৰুত্ব প্ৰদান কৰিবলৈ কাকূতি মিনতি কৰে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে আৰক্ষীয়ে বিচাৰি নোপোৱা নিৰুদ্দেশ হোৱা মানুহবোৰ কলৈ যায় বুলি প্ৰশ্ন উত্থাপন কৰে পৰিয়ালটোলৈ।