ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বাবে চাকৰিৰ পৰা বঞ্চিত হৈছে কাৰ্বি পাহাৰৰ শিক্ষিত যুৱক-যুৱতী

খেৰণিঃ ৰাজ্যৰ আন আন প্ৰান্তৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰি লাভ কৰে যদিও এখন জনগোষ্ঠীয় জিলাৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা খনৰ শিক্ষিত যুৱক-যুৱতীয়ে শিক্ষকৰ চাকৰিৰ বাবে যোগ্য হৈয়ো চাকৰিত নিযুক্তি নোপোৱাত মূৰে কপালে হাত দিব লগা হৈছে৷

ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিক্ষিত যুৱকক বৈষম্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে৷ শ শ টেট  শিক্ষকক ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত নিযুক্তি দি আহিছে যদিও শিক্ষা মন্ত্ৰী, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনৰ জনজাতীয় লোকসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত টেট শিক্ষকক নিযুক্তি পত্ৰ বিতৰণৰ বাবে সভা অনুষ্ঠিত কৰি বৰ বৰ কথাৰে ভাষণ আগবঢ়ায় চমক সৃষ্টি কৰি অহাৰ সময়তে পাহাৰীয়া জিলা খনৰ শিক্ষিত যুৱক-যুৱতীয়ে টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ কৰিব লগা হৈছে৷

টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে কাৰ্বি পৰিষদৰ চাকৰীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো প্ৰকাৰৰ হস্তক্ষেপ নকৰাৰ দাবী জনায় কাৰ্বি ছাত্ৰ সন্থাই। এই দাবীত কাৰ্বি ছাত্ৰ সন্থাই বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি আংলঙত টেট পৰীক্ষা-সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কাৰ্বি পৰিষদক হস্তক্ষেপ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। এনে হস্তক্ষেপৰ বিৰোধীতা কৰি কাৰ্বি ছাত্র সন্থাই চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত কেইবা শতাধিক ছাত্ৰই খেৰণিৰ পৰা সাতগাঁও হৈ ডংকামোকামলৈ বিশাল চাইকেল ৰেলী উলিয়াই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। 

ইয়াৰ পাছতেই ডংকামোকামত উপস্থিত হৈ ছাত্ৰ সংগঠনটোয়ে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ অবিহনে কাৰ্বি পৰিষদে নিজাববীয়াকৈ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, নিযুক্তিৰ ক্ষেত্ৰত বি এড অথবা ডি এল এড ডিগ্ৰী আদিৰ পৰা আবেদনকাৰীক ৰেহাই দিয়া আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ লোকক ১০০ শতাংশই নিযুক্তি দিয়াৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।