
জাগুনঃ মন্ত্ৰী-বিধায়ক, আমোলাৰ সন্তানে পঢ়া বিদ্যালয়ৰ বিপৰীতে অসমৰ গ্ৰাম্য এলেকাৰ একাংশ বিদ্যালয় প্ৰত্যক্ষ কৰিলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি হয় ৰাইজৰ৷ নিৰ্বাচনৰ সময়ত দিয়া ভাষণবোৰ শুনিলে আৰু বিদ্যালয় সমূহৰ পৰিৱেশ প্ৰত্যক্ষ কৰিলে মন্ত্ৰী বিধায়কৰ প্ৰতি মানুহৰ ঘৃণা জন্মা হৈছে৷
মন্ত্ৰী-বিধায়ক, আমোলাৰ সন্তানে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বিদ্যালয়ত পাঠদান কৰাৰ লগতে শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত অনা নিয়া কৰে৷ কিন্তু সেইসকল লোকে পৰিচালনা কৰা প্ৰশাসনৰ অধিনৰ একাংশ বিদ্যালয় প্ৰত্যক্ষ কৰিলে মন্ত্ৰী-বিধায়ক, আমোলাক অন্তৰ নোহোৱা মানুহ যেন লাগে৷
মন্ত্ৰী-বিধায়ক আমোলাই অনুভৱ কৰিব নোৱাৰে গাঁৱৰ দৰিদ্ৰ-শ্ৰমিক-খাটিখোৱা লোকৰ সন্তানৰ ভৱিষ্যত যে প্ৰয়োজনীয়৷ দেশ খনৰ সকলো শ্ৰেণীৰ লোকে সম অধিকাৰ লাভ কৰিলে সমাজৰ সৰ্বাংগীন উন্নয়ন হ’ব৷ দেশৰ সকলো দিশৰ পৰা আগুৱাই যাব৷ কিন্তু যোৱা কিছু দিন ধৰি newsnextone.com-এ একাংশ শিক্ষানুষ্ঠান আৰু চিকিৎসালয়ৰ পৰিৱেশ দেখুৱাই আহিছো৷
বুধবাৰে আমি লাভ কৰিছো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ৰ তথ্য৷ মাৰ্ঘেৰিটাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কথা কাষৰণী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গোহালী সদৃশ গৃহত পাঠদান কৰি থকাৰ দৃশ্যই শিক্ষা বিভাগৰে নহয় চৰকাৰৰ স্বৰূপ উদঙাই দিয়ে৷
২০০৩ চনত স্থাপন কৰা বিদ্যালয় খনৰ ভিতৰৰ পৰা আকাশ দেখা পোৱা গৃহটোত পাঠদান কৰি আহিছে ছাত্ৰ-ছাত্ৰীয়ে৷ এজাক বৰষুণতে বিদ্যালয়ৰ ভিতৰ পানীৰে ভৰি পৰে৷ বিদ্যালয় গৃহটোৰ বাঁহৰ বেৰ বোৰ বাগৰি পৰো পৰো অৱস্থা৷
শিক্ষাৰ সংস্কাৰৰ নামত লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বিদ্যালয় খনত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ বিদ্যালয়ত ব্লেক বৰ্ড এখন নাই৷ বিশুদ্ধ খোৱাপানী, শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে দিন অতিবাহিত কৰে৷
বাঁহৰ খুঁটোবোৰ জহি-খহি গৈছে৷ তেনেদৰে চলাই গৈছে পাঠাদান৷ অতি কষ্টৰে ভৱিষ্যতৰ সপোন ৰচিছে কণ কণ ছাত্র-ছাত্রীসকলে৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ যিমানেই বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিছে, সিমানেই প্ৰতিফলিত হ’ব ধৰিছে গ্ৰাম্য এলেকাৰ বিদ্যালয়সমূহৰ ফোঁপোলা স্বৰূপ৷
শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে নাজানে৷
নতুবা বহুল সমস্যাৰে যুঁজ দি থকা ৰাজ্যৰ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ অভাৱ-অনাটনৰ কথা অনুভৱ কৰিব খোজা নাই৷ প্ৰকৃততে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক শিক্ষাদানেৰে উপকৃত কৰাৰ হয়তো চৰকাৰৰ ইচ্ছা নাই৷
যোৱা বিধানসভা নিৰ্বাচনত চমক সৃষ্টি কৰি বিজয়ী হোৱা বিজেপি, অগপ আৰু বিপিএফৰ বিধায়কসকলে শীততাপ নিয়ন্ত্ৰিত দিছপুৰৰ বিধায়ক আৱাস লাভ কৰাৰ পিছতেই গ্ৰাম্য এলেকালৈ আহিবই পাহৰিলে৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত নিজ সমষ্টিত সময়ে সময়ে ঘুৰিবলৈ হে আহে একাংশ বিধায়কে৷ এই অভিযোগ আমাৰ নহয়৷ এই অভিযোগ হৈছে অসমৰ গ্ৰাম্য এলেকাৰ জনসাধৰণৰ৷
এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷