
নামতিঃ শিৱসাগৰ জিলাৰ ১০৩নং আমগুৰি বিধান সভা সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই৷ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত সমষ্টিটোত কি কাম কৰিলে সেই কথা ৰাজহুৱা কৰে বিধায়ক প্ৰদীপ হাজৰিকাই৷
মঙলবাৰে আমগুৰিস্থিত পৰিদর্শন বঙলাত এখন সংবাদ মেল অনুষ্ঠিত কৰি গড়কাপ্তানী, শিক্ষা, স্বাস্থ্য আদি দিশত কিমান খৰছ কৰিলে সেই কথা ৰাজহুৱা কৰাৰ লগতে ৰূপায়ন কৰা কাৰ্যসূচী সমূহ ৰাজহুৱা কৰে৷ সমষ্টিটোৰ বহু আকাংক্ষাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ লগতে আমগুৰি ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা কথা ব্যক্ত কৰে।
জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যুৎ যোগানৰ বাবে সমষ্টিটোত কৰা কামৰ কথা উল্লেখ কৰে। ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ মুঠ ২১টা পথৰ বাবে ২১৫৮.২৫ লাখ টকা অনুমোদন পোৱা বুলি উল্লেখ কৰে।
বিশেষকৈ সমষ্টিটোৰ অন্তৰ্গত নামতি সমীপৰ বৰুৱা পুখুৰী গাঁও পঞ্চায়তত জৰাজীৰ্ণ ফুকন আলিৰ (খঁৰাগড় আলিৰ পৰা লোণপুৰীয়া ১.৩২ কিঃমঃ) পথৰ বাবে ৬৮.১৬ লাখ টকা অনুমোদন, ৰূপজান আলি (বি-২) ৰ বাবে ১২৫.৭৮ লাখ, ঘোঁৰাচোৱা আলি, ১নং (নামদঙীয়া, টিপমীয়া, লাচিত এল পি সংলগ্ন) ৰূপজান আলিৰ (বি-২) অংশ নিৰ্মাণৰ বাবে টকাৰ অনুমোদন দিয়াৰ কথা উল্লেখ কৰে৷
সমষ্টিটোৰ মুঠ ১৭খন স্ব-জল ধৰা আঁচনি গ্ৰহণ কৰা কথা জানিবলৈ দিছে বিধায়কগৰাকীয়ে। তাৎপৰ্যপূৰ্ণ এয়ে যে যি সমূহ পথৰ বাবে প্ৰস্তাব লোৱা হৈছে আৰু অফিচিয়েল প্ৰচেচিং কৰা বুলি কোৱা হৈছে এয়া প্ৰকৃততে আগন্তুক নিৰ্বাচনৰ টোপহে নেকি সেয়া সময়েহে কব৷
সমষ্টিটোৰ নাগালেণ্ড সীমান্তত এটা বিঅ’পি স্থাপনৰ বাবে ৩৪ বিঘা মাটি আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে নিজ নিজ এলেকাৰ পঞ্চায়ত সমূহত চলি থকা দুৰ্নীতি আৰু জৰাজীৰ্ণ পথসমূহৰ সম্পৰ্কে বিধায়কগৰাকীক স্পষ্টীকৰণ বিছাৰি বিভিন্ন প্ৰশ্ন কৰে।
আগন্তুক দিনত উন্নয়ন মূলক আঁচনি ৰূপায়নত গঠনমূলক পৰামৰ্শৰে সমষ্টিটোক আগবঢ়াই নিবলৈ সাংবাদিকসকলক অনুৰোধ জনায়। সংবাদমেলত যুৱ পৰিষদৰ সুদৰ্শন হাজৰিকা, জেষ্ঠ কৰ্মী নিত্যা কলিতা, বিনন্দ তামুলী, মনোজ লাহন উপস্থিত থাকে।