
কোকৰাঝাৰঃ ৰাজ্যৰ অন্যতম মেহনতী জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ লোকসকল ক্ৰমান্বয়ে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে৷ এটুপি বিশুদ্ধ খোৱাপানী, অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ককবকাব লগীয়া গৈ অহা জনগোষ্ঠীটোৰ লোকসকলে উত্থাপন কৰি অহা জনজাতিকৰণ আৰু জনগোষ্ঠীটোৰ বিদ্ৰোহী সংগঠনৰ দাবী সমূহ পূৰণ কৰাৰ দাবীত পুনৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷
জনগোষ্ঠীটোৰ লৰা-ছোৱালীৰ জলপানী, স্বাস্থ্য, শিক্ষা, খোৱাপানী আদিৰ বাবে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে জনগোষ্ঠীটোৰ লোকসকলে৷ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰ হ'ল যদিও সমস্যা সমাধান নহ'ল জনগোষ্ঠীটোৰ৷
তাৰ মাজতে, অসমৰ চাওতাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, চাওঁৰা, কিষাণ, প্ৰজা, বেদিয়া, লহৰা, কোল, ভিল, মিৰ্ধা, মাহাতো, চিক বাড়াই আদি জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত তথা আদিবাসী জনগোষ্ঠীৰ অন্যান্য সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা কোকৰাঝাৰ ৰেলৱে ষ্টেচনত কেইবা সহস্ৰাধিক আদিবাসী জনতাই ৰে'লপথ অৱৰোধ কৰি ৰে'লৰ চলাচল স্তব্ধ কৰে।
আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত হাজাৰ হাজাৰ আদিবাসী জনতাই হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৬ঘণ্টীয়া ৰেলপথ অৱৰোধ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে।
ছঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচীত পিকেটিংকাৰী সকলে ন এচটি ন ৰেষ্ট, আমাৰ দাবী নাৰ্য দাবী আদিকে ধৰি বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে। ৰেল পথ অৱৰোধৰ ফলত ৰেল যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাত ৰে'লযাত্ৰীয়ে চৰম দুৰ্ভোগ ভূগিব লগা হয়।
ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আদিবাসী জাতীয় মহাসভা সংগ্ৰামী গোটৰ সভাপতি বয়েল হেমব্ৰমে আদিবাসী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰাৰ লগতে আদিৱাসী বিদ্ৰোহী সংগঠনৰ দাবীসমুহ আলোচনাৰ জৰিয়তে সমাধান কৰা, উচ্ছেদিত আদিবাসী খেতিয়কক ভূমি আৱণ্টন দিয়া, চাহ শ্ৰমিকক ভূমি আৱণ্টন দিয়াৰ উপৰিও আন কেবাটাও দাবী শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰে।
ইপিনে আদিবাসী জাতীয় মহাসভা সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই ৰাজ্যত বসবাস কৰা আদিৱাসী জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰি বিজেপিৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে।
বিজেপিৰ মিথ্যাচাৰত আদিবাসী জনতা ক্ষোভিত হৈছে বুলি উল্লেখ কৰি বীৰসিং মুণ্ডাই বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ কাৰ্যকাৰী নহ'ল বুলি উল্লেখ কৰি চলিত বৰ্ষতে আদিবাসী জনগোষ্ঠীৰ দাবী সমূহ পুৰণ নহলে আগন্তক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য প্ৰকাশ কৰে বীৰসিং মুণ্ডাই।
উল্লেখ্য যে, কোকৰাঝাৰত ৰূপায়ন কৰা ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ ফলত উজনিমুৱা-নামনিমুৱা আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সেপ্ৰেছ, ধুবুৰী-গুৱাহাটী যাত্ৰীবাহী ৰে'ল, নামনিমুৱা নিউ বঙাইগাঁও-নিউ আলিপুৰদুৱাৰ যাত্ৰীবাহী ৰে'লৰ চলাচল উত্তৰ পূব সীমান্ত ৰে'লৱেই বাতিল কৰাৰ লগতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছকে ধৰি আন কেইবাখনো এক্সপ্ৰেছ ৰে'লগাড়ী বিভিন্ন ষ্টেচনে ষ্টেচনে আৱদ্ধ হৈ পৰে যাৰ ফলত যাত্ৰীসকল সীমাহীন হাৰাশাস্তিৰ সন্মুখীন হয়।