ছাত্ৰ-ছাত্ৰীৰ হত্যাকাৰীৰ কাৰখানাত পৰিণত হ’ব পাৰে টিংৰাই...

চাবুৱাঃ যিটো পৰিৱেশৰ কথা আপুনি মই কল্পনা কৰিব নোৱাৰো৷ যিটো পৰিৱেশৰ বাবে ৭০০ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস হ’ব পাৰে৷ তেনে পৰিৱেশ আমি পৰিকল্পনা কৰিব নোৱাৰে৷ কিন্তু অসম চৰকাৰৰ আমোলা-বিষয়াই টকা খাই তেনে কাম কৰিবলৈ একাংশ ধনাঢ্য লোকক অনুমতি প্ৰদান কৰে৷

ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মানুহ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ৷ ইটা ভাটাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও নিমাত প্ৰশাসন৷ 

শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰা পৰিৱেশ৷ আনহাতে ধূলি আৰু প্ৰদূষণৰ বাবে অঞ্চলটোৰ লোকসকলৰ হাওফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হ’ব আৰম্ভ হৈছে বুলিও উল্লেখ কৰে একাংশ লোকে৷ স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে অঞ্চলটোৰ ইটাভাটাই৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে ইটা-ভাটাৰ পৰা নিৰ্গত হোৱা ধূলি-প্ৰদূষণ?

ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ কথাকে কৈছো৷ আপুনি চকুৰে নেদেখিলে বিশ্বাস কৰিব টান পাব টিংৰাই অঞ্চলৰ পৰিৱেশৰ কথা৷ টিংৰাইৰ আকাশ ছানি ধৰিছে দূষিত ধোৱাই৷ শৰালি অহাৰ লগে লগে জীৱন মৃত্যুৰ খেলৰ সৈতে যুঁজ দিবলৈ সাজু হয় টিংৰাই অঞ্চলৰ লোকসকল৷

সকলোতকৈ ডাঙৰ কথাটো হ’ল টিংৰাই চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ পৰা মাথো ৩০০ মিটাৰ নিলগত আছে এটা ইটাভাটা৷ দিনে-নিশাই নিৰ্হত হৈ থকা কলা ঘধোৱাই ছাত্ৰ-ছাক্ৰীসকলৰ ধ্বংস কৰিবলৈ ওলাইছে৷ ক্ৰমান্বয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উশা-নিশাহ লবলৈ কষ্ট পাবলৈ আৰম্ভ কৰি বুলি জানিব পৰা যায়৷

ইটা ভাটাটোৰ বাবে ব্যাপক সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, শিক্ষকসকল৷ ইমানৰ পিছতো গুৰুত্ব আৰোপ কৰা নাই প্ৰশাসনে৷ অভিযোগ মতে সকলোৱে মেনেজ ইটাভাটাৰ মালিকৰ সৈতে৷ চাৰিআলি প্ৰাথমিক বিদ্যালয় ৫০০ ছাত্ৰ ছাত্ৰী। 

বিদ্যালয়খন স্থাপন হৈছিল ১৯৪৮ চনত। বিদ্যালয়খনৰ দুয়োকাষে মাত্ৰ ১৫০ মিটাৰ ওচৰত ইটাভাটা। গাওঁখনৰ দুটা লৰা গাতত পৰি মৰিছে। কয়লাৰ ধোৱা খাই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে বেমাৰত পৰিবলগীয়া হৈছে। 

বিদ্যালয়লৈ আহোতেও ছাত্ৰ ছাত্ৰী সকলে ইটাভাটালৈ মাটি নিয়া গাড়ীৰ ধূলিত বিদ্যালয়লৈ যাব নোৱাৰে। স্থানীয় ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পিছতো চকু মুদাৰ কুলিৰ ভাওঁত বন বিভাগ। 

চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম সংগ্ৰামী মঞ্চই৷ যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে৷ অঞ্চলটোক ৫টাতকৈও অধিক ইটা ভাটা চৰকাৰী নীতি উলাংঘা কৰি চলি আছে৷ নাইট্ৰেজেন অক্সাইড, কাৰ্বন মনঅক্সাইড, ছালফাৰ ডাই অক্সাইড, আদিয়ে মানুহৰ লগতে পক্ষীকূলক ধ্বংস কৰিব ওলাইছে ভাটা সমূহে৷

স্থানীয় ৰাইজে তৰা গোচৰৰ ভিত্তিত ২০১৩ চনৰ চনত ২২ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ মৰ্মে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই ইটা ভাটা সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে যদিও আজিও চলি থাকে ইটা ভাটা সমূহ৷ টিংৰাই চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিংৰাই চাৰিআলি মাধ্যমিক বিদ্যালয়, ভিকেভি জুনিয়ৰ কলেজ, ডিডিচি মেমৰিয়েল স্কুল, নৱোদয় বিদ্যালয়কেধৰি কেইবাখনো বিদ্যালয়ৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে৷ 

বিদ্যালয় সমূহ মাথো ইটা ভাটাৰ পৰা ৩০০-৪০০ কিঃ মিঃ নিলগত৷ ইটাভাটৰ প্ৰদূষণৰ ফলত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে বুলি গুৰুতৰ অভিযোগ৷ একাংশ অশিক্ষিত কৃষকক সামান্য অৰ্থৰ লোভ দি মূল্যৱান কৃষিভূমি খনন কৰি কৃষিভূমি ধ্বংস কৰিছে৷ 

the assam bricks kilnis establishment and regulation rules-2013 অনুসৰি এনেদৰে ইটা ভাটা স্থাপন কৰিব নোৱাৰে৷ ইটা ভাটা সমূহৰ পৰা মাথো ৫ কিঃমিঃ নিলগত আছে চুবুৱা ৰাজহ চক্ৰ কাৰ্যালয়৷ ইমানৰ পিছতো ইটা-ভাটাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে। চৰকাৰী আৰু কৃষিভূমিত কেনকৈ এনেদেৰ ইটা ভাটা চলিব পাৰিছে তাক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন৷