কংগ্ৰেছৰ নতুন শ্ল’গান, ‘দলিত কী সন্মান মে, ৰাহুল গান্ধী মৈদান মে’

ডিজিটেল ডেস্কঃ দেশৰ সৰ্বোচ্চ আদালতে শুকুৰবাৰে এটি গোচৰৰ ৰায়দানত জাতিবাদৰ নামত ঘৃণা বিয়পাবৰ বাবে আইনৰ দুব্যৱহাৰ কৰিব নালাগে বুলি কৈ আইন সকলোৰে বাবে সমান হ’ব লাগে বুলি কয়৷

ন্যায়ালয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ আইন অপব্যৱহাৰৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি এই আইনৰ অধিনত ৰুজু হোৱা গোচৰত শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব নালাগে বুলি কয়৷ 

আদালতৰ মতৰ বিৰুদ্ধে ইতিমধ্যে কংগ্ৰেছ দলে প্ৰতিবাদ আৰম্ভ কৰে৷ কংগ্ৰেছে এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰক আদালতত আৱেদন জনাবলৈ দাবী জনায়৷ সংসদ চৌহদত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদে প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদথলীতে কংগ্ৰেছে ‘দলিত কী সন্মান মে, ৰাহুল গান্ধী মৈদান মে’ শ্লগান দিয়ে৷

ন্যায়ালয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ আইনৰ জৰিয়তে কোনো লোক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে জিলা আৰক্ষীৰ উপ-অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা গোচৰৰ তদন্ত হোৱা প্ৰয়োজন বুলি কয়৷ জ্যেষ্ঠ ন্যায়াধীশ আদৰ্শ গোৱেল আৰু য়ু য়ু ললিতৰ বেঞ্চে কয়, এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু হলে জামিন নিদিয়াৰ কোনো পূৰ্ণ প্ৰতিবন্ধকতা নাই৷

কংগ্ৰেছে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছতেই চিন্তা ব্যক্ত কৰি এই সন্দৰ্ভত পুনৰ বিচাৰ হ’ব লাগে বুলি কয়৷ চৰকাৰে এই সন্দৰ্ভত সংসদত আইন আনি সংশোধন কৰিব লাগে বুলি কয়৷ প্ৰধানমন্ত্ৰী আৰু আন কোনো মন্ত্ৰীয়ে এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰা নাই বুলি অভিযোগ উত্থাপন কৰি চৰকাৰৰ সহমত থকা বুলি অভিযোগ উত্থাপন কৰে৷

কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি কয় ‘‘এছচি-এছটি আইন দলিত আৰু আদিবাসীসকলৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ৷ মোডী চৰকাৰ এই ক্ষেত্ৰত আদালতত ভূমিকা পালনত বিফল হৈছে৷ প্ৰধানমন্ত্ৰী, বিজেপি, আৰএছএছৰ দলিত বিৰোধী বিচাৰৰ পক্ষত নিজৰ দায়িত্ব ত্যাগ কৰিব নালাগে৷’’