
নগাঁওঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ নাৰী সুৰক্ষাৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াত প্ৰচাৰ চলাই থকাৰ সময়তে এইবাৰ নগাঁৱত সংঘটিত হ’ল পুনৰ ধৰ্ষণ কাণ্ড৷ বৰাক উপত্যকাৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ, হত্যাৰ ঘটনাই ৰজ্যত চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ নগাঁও জিলাত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অন্তত হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷
কেইগৰাকীমান পুৰুষৰ কামনাৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰীয়ে৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা।
এগৰাকী ১৩ বছৰীয়া নাবালিকাক প্ৰথমতে দলৱদ্ধ ধৰ্ষণ তাৰ পিছত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বটদ্ৰৱাৰ সমীপৰ এলেকাসমূহত সঘনাই চুৰি-ডকাইতি-হত্যা আদিৰ ঘটনাৰ লগতে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাত ইয়াৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ বিধান সভাৰ মজিয়াত দাবী উত্থাপন কৰিছিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই।
জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত দিনৰ দুই বজাত সংঘটিত হৈছে জঘন্য ঘটনা। লালুং গাঁৱৰ এঘৰত ঘৰত কোনো নথকাৰ সুযোগলৈ একে অঞ্চলৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই নি দলৱদ্ধ ধৰ্ষণ পাছত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰে৷
নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত একাংশ লোকে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়। সম্প্ৰতি নাবালিকাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক নামৰ তিনিগৰাকী যুৱকৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। তিনি অভিযুক্তৰ লগতেপিতৃ-মাতৃ সহ ঘৰৰ লোকসকলেও পলায়ন কৰে।
বটদ্ৰৱা আৰক্ষী, জাজৰি আৰক্ষী আৰু নগাঁও জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তিনি অভিযুক্তক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই। নাবালিকাগৰাকীৰ পিতৃয়ে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি দুজন নাবালকক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।