মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হ’বনে? দোমোজাত ছাত্ৰ-ছাত্ৰী

নগাঁওঃ গুণগত শিক্ষাৰ মানদণ্ড নিৰূপণ তথা শিক্ষা ব্যৱস্থাত পৰিৱৰ্তনৰ লক্ষ্যৰে ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম আৰু অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা৷ বিগত বৰ্ষত সময় মতে পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও এইবেলি নতুন শিক্ষাবৰ্ষৰ তিনি মাহ উকলিবলৈ মাত্ৰ কেইদিনমান দিন বাকী থকা অৱস্থাটো পৰীক্ষা অনুষ্ঠিত নোহোৱাত সচেতন লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য, পূৰ্বতে এই পৰীক্ষা সময়মতে সুকলমে অনুষ্ঠিত কৰা হৈছিল যদিও যোৱা তিনিবছৰ মানৰ পৰা এই পৰীক্ষা বহু পলমকৈ অনুষ্ঠিত কৰাৰ বিপৰীতে এইবাৰ আকৌ আশ্চৰ্যজনকভাবে এতিয়ালৈকে অনুষ্ঠিতই হোৱা নাই৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাবকসকলো চৰম দোমোজাত পৰা পৰিলক্ষিত হৈছে৷ আনকি পৰীক্ষাৰ সময়সূচীৰ সম্পৰ্কত কোনো নিৰ্দেশনা বিদ্যালয়সমূহলৈ শিক্ষা বিভাগে প্ৰেৰণ নকৰাত ছাত্ৰ-ছাত্ৰী নতুবা অভিভাৱকসকলক পৰীক্ষাৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকল বিমুৰত পৰিবলগীয়া হৈছে৷ 

প্ৰকৃততে এই পৰীক্ষা শিক্ষাবৰ্ষৰ অন্তিম সময়ছোৱাত অনুষ্ঠিত কৰিব লাগে৷ তেনে কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট সুবিধা হয়৷ যিহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকল নতুন শ্ৰেণীৰ নতুন পাঠ্যক্ৰমত ব্যস্ত হৈ পৰে, সেয়ে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষাত বহিবৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পুনৰবাৰ এৰি অহা শ্ৰেণীৰ পুৰণি পাঠ্যপুথি পঢ়িবলগা হোৱাৰ বাবে স্বাভাবিকতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনিহাৰ ভাৱৰ উদ্ভৱ হয়৷ 

তথাপিও বৃত্তি পৰীক্ষাৰ বাবেই পুৰণি শ্ৰেণীৰ পাঠ্যপুথি উপায়ন্তৰ হৈ পঢ়িবলগীয়া হয় যদিও পূৰ্বৰ বছেৰেকীয়া পৰীক্ষাৰ দৰে আগ্ৰহ ছাত্ৰ-ছাত্ৰীৰ মাজত দেখিবলৈ পোৱা নাযায়৷ আনকি একে সময়তে পুৰণি আৰু নতুন শ্ৰেণীৰ পাঠ্যপুথি ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ণ কৰিবলগীয়া হোৱাত নতুন পাঠ্যক্ৰম সঠিকভাবে আয়ত্ত কৰাত কিছু পৰিমাণে হ’লেও ব্যাঘাট জন্মে৷ 

প্ৰকাশ যে, প্ৰথমাৱস্থাত এই পৰীক্ষা শিক্ষাবৰ্ষৰ অন্তিম মাহৰ শেষৰ ফালে অনুষ্ঠিত হৈছিল যদিও বিগত তিনিবছৰ মানৰ পৰা এই পৰীক্ষা পলমকৈ নতুন শিক্ষাবৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পহিলাভাগতহে অনুষ্ঠিত কৰিছিল শিক্ষা বিভাগে৷

কিন্তু এইবেলি ৰহস্যজনকভাবে আজিৰ তাৰিখলৈ অনুষ্ঠিত নোহোৱাৰ বিপৰীতে পৰীক্ষা সময়সূচীও ঘোষণা কৰা নাই৷ কাজেই, পৰীক্ষাৰ দৰে এটি অতি গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা এনে কাৰ্যই সচেতন অভিভাৱকসকলৰ মাজত এতিয়া ক্ষোভৰ সৃষ্টি হৈছে৷ 

গতিকে অনতিপলমে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে সচেতন লোকসকলে৷