মধ্য প্ৰাচ্যৰ পৰা মাতৃক উদ্ধাৰৰ কাতৰ অনুৰোধ হায়দৰাবাদৰ যুৱতীৰ

ডিজিটেল ডেক্সঃ ডুবাইৰ পৰা মাছকাটলৈ বলপূৰ্বকভাৱে লৈ যোৱা হায়দৰাবাদৰ এগৰাকী মহিলাক তাৰ পৰা উদ্ধাৰৰ বাবে মহিলাগৰাকীৰ কন্যাই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজক কাতৰ অনুৰোধ কৰিছে৷ মগিলাগৰাকীৰ কন্যাই সংবাদ প্ৰতিষ্ঠান এএনআইক কয়, মই তেলেংগানা চৰকাৰ আৰু সুষমা স্বৰাজক আৱেদন জনাইছো মোৰ মাক উদ্ধাৰ কৰক৷

২০ বছৰীয়া সিন্ধুৱে অভিযোগ কৰে যে, তেওঁৰ মাতৃক মাছকাটত কোম্পানীৰ মালিকে আতিশয্য চলাইছে৷ মালিকৰ অত্যাচাৰৰ বাবে মহিলাগৰাকীয়ে মধ্য প্ৰাচ্যৰ চহৰখনৰ গিৰ্জাসংলগ্ন এখন হোটেলৰ পৰা যোৱা ৪ জানুৱাৰীত পলাই ভাৰতীয় দূতাবাসত উপস্থিত হ’বলৈ সক্ষম হয়৷ কিন্তু তেওঁৰ মালিকৰ হাতত পাছপ’ৰ্টসহ সকলো নথি-পত্ৰ থকাত তেওঁ স্বদেশলৈ ওভতিব পৰা নাই৷

যোৱা বছৰৰ ১১ অক্টোবৰত এজন এজেন্টে মহিলাগৰাকীক ডুবাইত ছেলছ গাৰ্লৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ গৈছিল৷ কিন্তু তিনি মাহৰ পাছতে তেওঁক ১৫,০০০ টকা দৰমহাৰে মাছকাটৰ এখন হোটেললৈ লৈ যোৱা হয়৷ তাত মহিলাগৰাকীক এখন বাৰত নাচিবলৈ চেষ্টা কৰোৱায়৷ এনে কৰিবলৈ অমান্তি হ’লে তেওঁক প্ৰহাৰ কৰা হৈছিল বুলি অভিযোগ কৰে সিন্ধুৱে৷

বিশ্বৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা বহু ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা সুষমা স্বৰাজে যোৱা জানুৱাৰীৰ আৰম্ভণিতে চৌদি আৰবত আবদ্ধ হৈ থকা হায়দৰাবদৰে আন এগৰাকী মহিলাক ভাৰতলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল৷ আনহাতে ইৰাকত আৱদ্ধ ৩৯ ভাৰতীয় মজদুৰক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰাত বিৰোধীৰ সমালোচনাৰো সন্মুখীন হৈছে স্বৰাজ৷