বান-গৰাখহনীয়া ৰোধ কৰাৰ দাবীত মাৰ্ঘেৰিটাত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

মাৰ্ঘেৰিটাঃ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বছৰ বছৰ ধৰি মাৰ্ঘেৰিটা সমষ্টি পিছ পৰি থকাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়৷ 

বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, ৰাস্তা-ঘাট মেৰামতি কৰা, বান-গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে৷

মাৰ্ঘেৰিটা সমষ্টিৰ বান-গৰাখহনীয়া ৰোধ কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ অৰ্থে দিনৰ প্ৰায় ১২ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ অন্তত প্ৰশাসনৰ জৰিয়তে মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়কক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে৷ 

মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম গাঁও পঞ্চায়তৰ মাইচাংপানী, লংগাঁৱৰ দিহিং নৈৰ খহনীয়াকে ধৰি সমষ্টিৰ সকলো বান খহনীয়াৰ সমস্যা সমাধান কৰা, সমষ্টিৰ বাট পথ নিৰ্মাণ কৰা, মাৰ্ঘেৰিটা-লিডু-বৰগোলাই জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাই পথ শীঘ্ৰে নিমাৰ্ণ কৰা, মাৰ্ঘেৰিটা মহকুমাৰ গাঁও সমূহত বৃদ্ধি পোৱা ড্ৰাগছ, কানিৰ অবৈধ ৰমৰমীয়া বেহা বন্ধ কৰা, মাৰ্ঘেৰিটাৰ বিকল হৈ থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনি পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায়৷