
ডিব্ৰুগড়ঃ চাহ জনগোষ্ঠী অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ৷ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হব নোৱাৰে৷ শুকুৰবাৰে ডিব্ৰুগড়ত হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল সভাত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বলকুমাৰ ভট্টাচাৰ্যই এই মন্তব্য আগবঢ়ায়৷
আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া ঐক্য মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই চাহ জনগোষ্ঠীক খিলঞ্জীয়া নহয় বুলি কৰা মন্তব্যৰ বিৰুদ্ধে চাহ জনগোষ্ঠী আদিবাসী যৌথ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণ সমাৱেশত ড০ ভট্টাচাৰ্যই চাহ জনগোষ্ঠীৰ সমস্যা অসমৰ জাতীয় জীৱনৰ সমস্যা বুলি উল্লেখ কৰি এই সমস্যাক আমাৰ সমস্যা হিচাপে গ্ৰহণ কৰি আহিছো বুলি মন্তব্য প্ৰদান কৰে৷
আমাৰ যুঁজখন মূলত খিলঞ্জীয়াৰ প্ৰভূত্ব আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধেহে বুলি উল্লেখ কৰি এই যুঁজখনৰ লগত চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহেও সহযোগিতা কৰি আহিছে বুলি কয়৷ সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই অসমীয়া জাতিক সংমিশ্ৰিত জাতি বুলি উল্লেখ কৰি সকলো মিলিহে আমি অসমীয়া হৈছো বুলি মন্তব্য আগবঢ়ায়৷ ড০ শইকীয়াই কয়, চাহ বাগিচাত কাম কৰিবলৈ অহা সতি-সন্ততিসকল বৰ্তমান অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ৷
অসমীয়াৰ সংজ্ঞা চনে নিৰ্ণয় নকৰে৷ মনত সেই ভাৱটো গঢ় লৈ উঠিছেনে নাই সেইটোহে নিৰ্ণয় কৰে৷ অসমীয়াত্ব চনত নাই মনতহে আছে৷ যোৰহাট জেবি কলেজৰ অধ্যাপক ড০ দেৱব্ৰত শৰ্মাই ১৮৬৭ চনলৈকে অসমত কোনো এখন কিতাপত খিলঞ্জীয়াৰ সংজ্ঞা উল্লেখ নাই বুলি উল্লেখ কৰি কয়, সাম্প্ৰতিক সময়ত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰি ৰাজনৈতিকভাৱে জাতিটোক বিভাজন অনাৰ ষড়যন্ত্ৰহে মাথোন৷
খিলঞ্জীয়াক লৈ চলা বিতৰ্ক যুক্তিহীন৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ৰাজেন কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সমাৱেশত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰে চাহ জনগোষ্ঠীসকলক অসমীয়া বুলি পৰিচয় দিবলৈ প্ৰমাণ পত্ৰৰ আৱশ্যক নাই৷ কাৰো সাহস নাই চাহ জনগোষ্ঠীক অসমীয়া নহয় বুলি কবলৈ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমুন্য হাজৰিকাই অসমত অবৈধ বাংলাদেশীয়ে থলুৱাৰ জনজীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে বুলি কয়৷ মধ্য আৰু নামনি অসমত যিদৰে অবৈধ বাংলাদেশীৰ আগ্ৰাসনে অসমীয়া জাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি উজনি অসমত এই আগ্ৰাসন চাহ জনগোষ্ঠীৰ লোকসকলেহে ৰোধ কৰিছে বুলি মন্তব্য আগবঢ়ায়৷
গণ সমাৱেশত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সমাৱেশত প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, প্ৰাক্তন বিধায়ক ৰাজু চাহু, এটোৱা মুণ্ডা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা উদয় শংকৰ মহন, বাঙালি যুৱ-ছাত্ৰ ফেডাৰেছনৰ সম্পাদক নিৰ্মল কান্তি শীল, চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভানেত্ৰী মনোমতী কুৰ্মী, আছাৰ উপ-সভাপতি গবীন হেমৰম, সম্পাদক দেবেন ওৰাং, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক ৰবীন কৰ্মকাৰ উপস্থিত থাকে৷