GMCHত মৃত্যু বটদ্ৰৱাৰ ধৰ্ষিতা ১৩ বছৰীয়া কিশোৰীৰ

নগাঁওঃ চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত মৃত্যৰ ওচৰত হাৰ মানিলে বটদ্ৰৱাৰ ধৰ্ষিতা ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে৷ পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হয় শুকুৰবাৰে দিনৰ ভাগত৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত তিনিগৰাকী যুৱকে প্ৰথমে ধৰ্ষণ পিছত জ্বলাই হত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীক৷ 

বহু পলমকৈ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতেই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়ত মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও নিশা কিশোৰীগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷ 

১৩ বছৰীয়া নাবালিকাগৰাকীক প্ৰথমতে দলৱদ্ধ ধৰ্ষণ তাৰ পিছত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বটদ্ৰৱাৰ সমীপৰ এলেকাসমূহত সঘনাই চুৰি-ডকাইতি-হত্যা আদিৰ ঘটনাৰ লগতে নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই অহাত ইয়াৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ বিধান সভাৰ মজিয়াত দাবী উত্থাপন কৰিছিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। 

জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত দিনৰ দুই বজাত সংঘটিত হৈছে জঘন্য ঘটনা। লালুং গাঁৱৰ এঘৰত ঘৰত কোনো নথকাৰ সুযোগলৈ একে অঞ্চলৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই নি দলৱদ্ধ ধৰ্ষণ পাছত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰে৷ 

জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক নামৰ তিনিগৰাকী যুৱকৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে। তিনি অভিযুক্তৰ লগতে পিতৃ-মাতৃ সহ ঘৰৰ লোকসকলেও পলায়ন কৰে।