
ওদালগুৰিঃ ৰাজ্যত পূৰ্ণ গতিত চলিছে আধাৰ কাৰ্ড প্ৰদানৰ কাম। বেংক প্ৰতিষ্ঠান, টেলিকম প্ৰতিষ্ঠানসমূহৰ লগতে আন ব্যৱসায়ীক প্ৰতিষ্ঠানে নিজৰ গ্ৰাহকক চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰতে নিজৰ আধাৰকাৰ্ডৰ নম্বৰ সংযোগৰ আহ্বান জনাই আহিছে। ফলত চৰকাৰে অনুমোদন জনোৱা আধাৰ কাৰ্ড নিৰ্মাণ প্ৰতিষ্ঠানসমূহত দেখা গৈছে গ্ৰাহকৰ দীঘলীয়া শাৰী।
ওদালগুৰি সদৰৰ একমাত্ৰ আধাৰ কাৰ্ড নিৰ্মাণ প্ৰতিষ্ঠান হিচাপে চৰকাৰে অনুমোদন জনোৱা ভাৰতীয় ষ্টেট বেংকৰ ওদালগুৰি শাখাতো দেখা গৈছে গ্ৰাহকৰ লানি নিছিগা শাৰি। অৱশ্যে শাখাটোৱে প্ৰতিদিনে ২০ খনকৈ আধাৰ কাৰ্ড নিৰ্মাণৰহে ব্যৱস্থা কৰাত স্বাভাৱিকতে গ্ৰাহকসকল অনিশ্চয়তাত পৰা দেখা গৈছে।
উল্লেখ্য যে, ওদালগুৰি সদৰৰ অন্তৰ্গত একমাত্ৰ কেন্দ্ৰটোত এজন লোকে আধাৰ কাৰ্ডৰ বাবে আৱেদন জনালেহে আগন্তুক ডিচেম্বৰৰ পূৰ্বে গ্ৰাহকসকলৰ আধাৰকাৰ্ডৰ ভেৰিফিকেশ্বন অসম্ভৱ হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
যিসময়ত চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত আধাৰকাৰ্ড বাধ্যতামূলক কৰিছে তেনে সময়তে ওদালগুৰিত আধাৰকাৰ্ডৰ বাবে আবেদন জনোৱা গ্ৰাহকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। চহৰখনত আৰু অধিক আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপনৰ দাবী উত্থাপন কৰিছে গ্ৰাহকসকলে।
বহু গ্ৰাহকে কোচবিহাৰত আধাৰকাৰ্ডৰ বাবে আৱেদন জনাই বুলি জানিব পৰা গৈছে। কিয়নো তাত হেনো কম দিনৰ ভিতৰত আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ হয়। সাংবাদিকৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ওদালগুৰি জিলাৰ ১৯,৭১০গৰাকী নৱপ্ৰজন্মৰ ভোটদাতাক এতিয়ালৈ নিৰ্বাচন আয়োগে প্ৰদান কৰা নাই ভোটাৰ পৰিচয় পত্ৰ।
বিশেষকৈ ২০১৪ চনত ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত হোৱা অধিকাংশৰে হাতত নাই ভোটাৰ পৰিচয় পত্ৰ। ওদালগুৰি নিৰ্বাচনী বিভাগক প্ৰশ্ন কৰাত তেওঁলোকে কি কাৰণে এতিয়ালৈ পৰিচয় পত্ৰসমূহ অহা নাই সেই সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰা দেখা যায়।
তেওঁলোকে কয় যে, উক্ত বৰ্ষত দুটা পৰ্যায়ত ভোটদাতাসকলৰ নাম অন্তৰ্ভূক্তিৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰে দ্বিতীয় পৰ্যায়ৰসকলে ভোটাৰ পৰিচয় পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে যদিও প্ৰথম পৰ্যায়ৰ ১৯,৭১০ গৰাকী ভোটদাতাই আজিলৈ লাভ নকৰিলে ভোটাৰ কাৰ্ড। সমগ্ৰ অসমতে হোৱা বুলিও উল্লেখ কৰে।
ইয়াৰে ভিতৰত আছে মাজবাট বিধানসভা সমষ্টিৰ ৬,৭৭৭ গৰাকী, ওদালগুৰি বিধানসভা সমষ্টিৰ ৬,১৯০ গৰাকী আৰু পানেৰী বিধানসভা সমষ্টিৰ ৬,৭৪৩ গৰাকী ভোটদাতাই আজিও ভোটাৰ পৰিচয়ৰ পৰা বঞ্চিত হয়।
ইপিনে ৰাজ্যত চলি থকা আধাৰ কাৰ্ড প্ৰস্তুতিৰ আৱেদনৰ বাবে প্ৰয়োজন হয় ভোটাৰ পৰিচয় পত্ৰ অথবা পেন কাৰ্ড। যিসকল ভোটাৰ পৰিচয় পত্ৰ লাভ নকৰা ভোটদাতাৰ পেন কাৰ্ড নাই, তেওঁলোকে আধাৰ কাৰ্ড লাভৰ পৰা যে বঞ্চিত হব সেয়া নিশ্চিত হৈ পৰিছে।