পঞ্চম শ্ৰেণীৰ ধৰ্ষিতা কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁও, যুৱ-ছাত্ৰ, আমছুৰ উত্তাল প্ৰতিবাদ

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডক লৈ উত্তাল হৈ পৰিছে ৰাজ্য। বিভিন্ন দল-সংগঠনে জঘন্য কাণ্ডৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰে নগাঁৱত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্ষণকাৰী হুঁচিয়াৰ, ধৰ্ষণকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰক, মূল অভিযুক্তক কৰায়ত্ত কৰক আদি শ্ল'গান প্ৰদান কৰি পৰিবেশ উত্তাল কৰি তোলে।

নগাঁও জিলাৰ বটদ্ৰৱাৰ অন্তৰ্গত ধনীয়াভেটীৰ লালুং গাঁৱৰ ৩ জনকৈ নৰপিশাচৰ কামনাৰ বলী হৈ চিকিৎসালয়ৰ বিচনাত চটফটাই অৱশেষত মৃত্যু হোৱা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে নগাঁও-বটদ্ৰৱাত৷ লালুগাঁও প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকীক শুকুৰবাৰে দিনদুপৰতে দলৱদ্ধ ধৰ্ষণ কৰাৰ অন্তত নিৰ্দয়ভাবে দেহত কেৰাচিন তেল ঢালি জ্বলাই দিছিল৷

শৰীৰৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হৈ পৰা কিশোৰীগৰাকীক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদি চিকিৎসকৰ পৰামৰ্শমতে গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ কিন্তু মৃত্যুৰ সৈতে যুঁজি দি নিশা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷ শনিবাৰে কিশোৰীগৰাকীৰ মৃত্যুৰ বাতৰি সৰ্বত্ৰে বিয়পি পৰাত অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে৷ 

অগণন পুৰুষ-মহিলা ওলাই আহি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে একাংশই প্ৰধান অভিযুক্ত জাকিৰ হুছেইনৰ বাসগৃহত আক্ৰমণ কৰি বাসগৃহৰ যথেষ্ট ক্ষতিসাধন কৰি ক্ষোভ উজাৰে৷ ছাত্ৰীগৰাকীয়ে অধ্যয়ণ কৰা বিদ্যালয়ৰ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে সতীৰ্থৰ এনে কৰুণ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰাৰ লগতে ক্ষোভত ফাটি পৰি আমছুৰ উদ্যোগত ৰাজপথলৈ উলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়া আমছুৰ সহযোগত নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ দোষীক ধৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ এনেদৰে প্ৰায় আধাঘন্টা ধৰি অতি ব্যস্ততাপূৰ্ণ পথটো অৱৰোধ কৰি ৰখাত উক্ত স্থানত বহু যান-বাহন আবদ্ধ হৈ পৰে৷

অৱশ্য অৱৰোধস্থলীত ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃনাল বৰাৰ লগতে নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ বুজনি দিয়াত আৰু দোষীক অনতিপলমে গ্ৰেপ্তাৰ কৰি উচিৎ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াতহে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অৱৰোধ কাৰ্যসূচী বাতিল কৰে৷ ইফালে, ঘটনাৰ লগত জড়িত দুই যুৱক ৰুহুল আমিন আৰু এমদাদুল হকক আৰক্ষীয়ে কালি নিশাই আটক কৰিবলৈ সক্ষম হয় যদিও পলাতক অৱস্থাত থকা মূল অভিযুক্ত জাকিৰ হুছেনক বৰ্তমানলৈকে কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ 

ইফালে, মানৱীয়তাক ভূ-লুণ্ঠিত কৰা এনে ঘৃনণীয় কাণ্ডৰ তীব্ৰ গৰিহণা দি দোষীক ফাঁচী দিয়াৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে৷ হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি অমৰজ্যোতি কলিতা আৰু সত্যজিৎ দাস, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিক, সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত মছৰং, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰঙকে প্ৰমুখ্য কৰি আমছুৰ নগাঁও জিলা সমিতি, বটদ্ৰৱা প্ৰেছ ক্লাৱ, জাজৰি প্ৰেছ ক্লাৱ আদিয়ে দোষীক ফাৰ্ষ্ট টেক আদালতত বিচাৰ চলাই ফাঁচী দিয়াৰ দাবী জনাইছে৷