
মহুৰামুখঃ ৰাজ্য খনৰ গ্ৰাম্য অঞ্চলত অলেখ খোৱাপানী যোগান আঁচনি আছে৷ যোৱা ত্ৰিশ বছৰত কংগ্ৰেছ আৰু অগপ দলৰ চৰকাৰৰ সময়ত গাঁৱে-ভূঞে বিশুদ্ধ খোৱাপানীৰ যোগানৰ স্বাৰ্থত পানী যোগান আঁচনি সমূহ স্থাপন কৰিছিল৷ এনে আঁচনি সমূহে নিৰ্মাণৰ দুই-তিনি বছৰলৈকে পানী যোগান ধৰিছিল যদিও অলেখ পানী যোগান আঁচনি এতিয়া হাবি-জংঘলে আৱৰি আছে৷
বৰ্তমান এই আঁচনি সমূহ এতিয়া ভেকোভাঁওনাত পৰিণত হৈছে৷ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীয়ে এই আঁচনি সমূহত কাম কৰি চৰকাৰী দৰমহা লৈ আহিছে যদিও চৰকাৰে আঁচনি সমূহ মেৰামতি কৰি পুনৰ কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰা দেখা নাযায়৷ এক কথাত কবলৈ গলে অসমত চৰকাৰী আঁচনিৰ এটোপাল বিশুদ্ধ খোৱাপানী খাবলৈ পোৱাতো এতিয়া এক প্ৰকাৰ সৌভাগ্যৰ কথা৷
কিয়নো চৰকাৰৰ মন্ত্ৰী, আমোলা-বিধায়ক সকলৰ বাবে এনে পানী যোগান আঁচনিৰ পানী প্ৰয়োজন নাই৷ তেওঁলোকে বটলৰ পানী কিনি খোৱা পৰিলক্ষিত হয়৷ কিন্তু গাঁৱৰ খেতিয়ক-দৰিদ্ৰ শ্ৰমিকসকলে বটলৰ পানী কিনি খাবলৈ সক্ষম নহয়৷ গাঁৱত চৰকাৰে স্থাপন কৰা পানী যোগানৰ আঁচনিখনেই তেওঁলোকৰ শেষ ভৰষা আছিল৷ কিন্তু বছৰ বছৰ ধৰি এনে আঁচনি বিকল হৈ থকাত বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ লোক৷
তাৰে এক জলন্ত উদাহৰণ হৈছে বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখ অঞ্চলৰ অফলা-বৰটিকা গাঁৱৰ পানী যোগান আঁচনি৷ গাঁও দুখনৰ হাজাৰ হাজাৰ লোকে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি আহিছে বিকল হৈ পৰা পানী যোগান আঁচনিৰ বাবে। জানিব পৰা মতে, ২০১৩ বৰ্ষত জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজহ গাঁও দুখনৰ মাজত এক নং নিকৰি পানী যোগান আঁচনি নামেৰে পানী যোগান কেন্দ্ৰ স্থাপন কৰিছিল।
প্ৰতিষ্ঠা কালৰে পৰা যোৱা পাঁচ বছৰ ধৰি কেন্দ্ৰটো বিকল হৈ পৰাত ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে। ফলত আঁচনিখন বগা হাতীত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে বুলি গাঁও দুখনৰ ৰাইজে জানিবলৈ দিয়ে। পানী যোগান কেন্দ্ৰটোত বৰ্তমান গছ-বনেৰে আৱৰি ধৰাত ভূত বাংলালৈ পৰ্যবসিত হৈছে আটক ধুনীয়া গৃহটো। উৱলি গৈছে গৃহটোৰ আচবাব।
আঁচনিখনৰ পৰা ৰাইজ উপকৃত নহ'লেও ঠিকাদাৰৰ আৰু বিষয়া- কৰ্মচাৰীৰে লাখ লাখ টকাৰ মুনাফা আদায় কৰাৰ অভিযোগ উত্থাপন কৰে অফলা-বৰটিকা গাঁৱৰ ৰাইজে৷ পানী যোগান আঁচনিখন নিঃশেষ হৈ যোৱা দৃশ্য প্ৰত্যক্ষ কৰিও প্ৰশাসন আৰু জন প্ৰতিনিধি নীৰৱে কোৱো ভূমিকা অৱলম্বন নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। লগতে মহুৰামুখবাসীয়ে অতি শীঘ্ৰে পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক দাবী জনাই ৰাইজে৷