ভাৰতীয় সেনাত যোগদান ওদালগুৰিৰ ৬৩গৰাকী যুৱকৰ, সেনা বিষয়া, মন্ত্ৰী ৰিহনৰ সম্বৰ্ধনা

ওদালগুৰিঃ চলিত বৰ্ষত ওদালগুৰি জিলাৰ পৰা সেনাত ভৰ্তি হবলৈ সক্ষম হোৱা ৬৩ গৰাকী যুৱকক দেওবাৰে সম্বৰ্ধনা জনাই যুৱ বিপিএফ আৰু সেনাৰ ৰেডহৰ্ন ডিভিজনে৷ ভেৰগাঁও আৰু ওদালগুৰি যুৱ বিপিএফ আৰু বিএছইউৰ উদ্যোগত আৰু ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজন-ডোগ্ৰা ৰেজিমেণ্টৰ সহযোগত দেওবাৰে ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত সেনা বাহিনীত নিযুক্তি লাভ কৰা যুৱকক সম্বৰ্ধনা যাচে৷ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰীয়ে এনে ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা উগ্ৰপন্থীসকলক দমন কৰাত আৰু অধিক সহজ হ’ব বুলি কয়।

ভাৰতীয় সেনাক ধন্যবাদ জনাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অধিক পৰিমাণে আমাৰ নিৱনুৱাসকলক সংস্থাপন দিব পৰা নাই বুলিও কয়। আজিৰ প্ৰজন্মই আৰক্ষীকে ধৰি সামৰিক বাহিনীত যোগদান কৰিলে হয়তো কিছু পৰিমাণে নিৱনুৱা সমস্যা হ্ৰাস পাব। মন্ত্ৰীগৰাকীয়ে সমূহপ্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশৰ হকে নিষ্ঠাৰে সেৱা কৰি যাবলৈ আহ্বান জনায়। 

সেনাৰ কামাণ্ডেণ্ট বাঞ্চালে বিভিন্ন জিলাবোৰৰ ভিতৰত ওদালগুৰিত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী অধিক। সৰুৰে পৰাই অতিকষ্টৰে ডাঙৰ-দীঘল কৰা অভিভাৱকসকলৰ মুখত আজি হাঁহি বিৰিঙিছে। দেশৰ হকে সেৱা কৰি যাবলৈ উৎসাহ প্ৰদান কৰাৰ লগতে আগন্তুক দিনত পুনৰ এনে ধৰণৰ নিযুক্তি আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, উপাধক্ষ নেৰশ্বন বড়ো, বিএছইউ নেতা বাবুল দৈমাৰী, ৰাতুল ব্ৰহ্মই৷