
কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ এগৰাকী টেট শিক্ষয়িত্ৰীক লাগে আপোনাৰ সহায়। ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগা হৈছে শিক্ষয়িত্ৰীগৰাকীয়ে। ফুলৰ দৰে মন এটা লৈ ফুৰা মানৱ সম্পদ গঢ়াৰ খনিকৰগৰাকীক এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন৷ নাম তেওঁৰ দেৱযানী দত্ত৷
আৰ্থিক দৈন্যতাই বাধা প্ৰদান কৰিছে দেৱযানীৰ চিকিৎসাত৷ যাৰ বাবে দেৱযানীয়ে সুহৃদ ৰাইজৰ সহায় বিচাৰিবলগীয়া হৈছে৷ দেৱযানীক এটি জীৱন উপহাৰ দিয়াৰ স্বাৰ্থত সাহায্যৰ প্ৰয়োজন৷
নগাঁও জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ টুবুকী প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষয়িত্ৰী দেৱযানী দত্তক লাগে আপোনাৰ সহায়৷ ২০০৭ চনত ঋতুপৰ্ণ বৰুৱা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত অাৱদ্ধ হৈছিল যদিও ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ কঠিয়াতলীৰ লাচিত নগৰৰ এটি ভাড়া ঘৰত বসবাস কৰি আহিছে টেট শিক্ষয়িত্ৰীগৰাকীয়ে৷ দেৱযানী দত্তৰ জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে অাৰ্থিক সহায়ৰ প্ৰয়োজন৷
শিক্ষয়িত্ৰীগৰাকীক শিক্ষা বিভাগে কোনো ধৰনৰ সহায় নকৰাত এতিয়া সহায় বিচাৰিছে আপোনাৰ পৰা৷ শিক্ষয়িত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াইছে কঠিয়াতলীৰ শিক্ষক সমাজ, ব্যৱসায়ী আৰু আন আন লোকসকলে।
জানিব পৰা মতে, ২০১২ চনত ঠিকাভিত্তিক টে'ট শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰা দেৱযানী দত্তই বিয়াত বহিছিল শিৱসাগৰ জিলাৰ গুৰখুচ শেনচোৱা গাঁৱত৷ বৰ্তমান অস্থায়ীভাৱে কঠিয়াতলীৰ লাচিত নগৰৰ এটা ভাড়া ঘৰত বসবাস কৰি অাহিছে। ২০০৭ চনত ঋতুপৰ্ণ বৰুৱা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত অাৱদ্ধ হৈ এখন সুখৰ সংসাৰ চলাই গৈছিল।
দেৱযানী আৰু ঋতুপৰ্ণৰ সংসাৰত কাৰোবাৰ যেন নজৰ হে পৰিল। ২০০৯ চনৰ পৰা তেওঁ বৰ্তমানলৈকে চিকিৎসাধীন হৈ অাছে। তেওঁৰ স্বামী এজন সাধাৰণ ব্যৱসায়ী। দেৱযানীৰ চিকিৎসাৰ বাবে সকলো শেষ কৰিছে। শিক্ষয়িত্ৰীগৰাকীয়ে ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱা বুলি চেন্নাইৰ এখন চিকিৎসালয়ে পৰীক্ষা কৰি অৱগত হয়৷
মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰত বহু টকা খৰছ হ’ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আৰ্থিক ভাৱে দূৰ্বল শিক্ষয়িত্ৰীগৰাকীক শিক্ষা বিভাগে কোনো ধৰণৰ সহায় নকৰাত এতিয়া অসহায় হৈ পৰিছে তেওঁ৷ শিক্ষয়িত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াইছে কঠিয়াতলীৰ শিক্ষক সমাজকে ধৰি ব্যৱসায়ী আৰু আন আন লোক সকলে। শিক্ষয়ত্ৰীগৰাকীক এচবিআইৰ ২০১৪০২৮৪৫০৫ নম্বৰত আপুনিও সহায় কৰিব পাৰে।