
নামতিঃ চৰকাৰ দুৰ্নীতি ৰোধ কৰিবলৈ গঠন হয় জানো৷ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত দুৰ্নীতি ৰোধ কৰাৰ কথা বাৰে বাৰে কয় যদিও চৰকাৰ গঠন কৰাৰ পিছত সেইয়া এক শ্ল’গান হৈ ৰয়৷ এই কথাকেই প্ৰমাণ কৰিলে শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগে৷
শেহতীয়াকৈ ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত ব্যাপক দুৰ্নীতি চলি অহাৰ বহু তথ্য পোহৰলৈ আহিছে। বৃক্ষৰোপন আঁচনিৰ পৰা আৰম্ভ কৰি আৱাসগৃহলৈকে সকলোতে কেৱল সীমাহীন দুৰ্নীতি চলি আহিছে ৰাজ্যখনৰ অধীকাংশ পঞ্চায়তত। তেনে এক ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ৷
কংগ্ৰেছৰ অধীনত থকা নামতি সমীপৰ বৰুৱা আলি গাঁও পঞ্চায়তত বহু দিনৰে পৰা দুৰ্নীতি বজাৰ চলাই আহিছে পঞ্চায়তৰ সভাপতি ৰঞ্জিত বড়াই। খোদ পঞ্চায়ত খনৰ চৌহদতে বৃক্ষৰোপন আঁচনিৰ নামত অবাধ লুণ্ঠন চলাই আহিছিল বড়াই। উল্লেখ্য যে, বৃক্ষৰোপনৰ নামত পঞ্চায়ত খনলৈ আবণ্টিত হৈছিল ৩.৫০ লাখ টকা৷ কিন্তু আঁচনিখনৰ নামত এটাও গছপুলি ৰোপন নকৰিলে পঞ্চায়তৰ চৌহদত।
বাঁহৰ খুটা পুটি দায়িত্ব সামৰা পঞ্চায়তখনে যোৱা পাঁচটা বছৰে এজোপাও গছ ডাঙৰ কৰিব নোৱাৰিলে। কেৱল চৰকাৰী ধনৰ অপচয় কৰিলে সভাপতি ৰঞ্জিত বড়াই আনহাতে পঞ্চায়ত খনত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণতো অবাধ লুণ্ঠন চলা পৰিলক্ষিত হৈছে।
পঞ্চায়ত সভাপতি ৰঞ্জিত বড়াই সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, হিতাধিকাৰীৰ সচেতনতাৰ অভাৱৰ বাবেই অনাময় আঁচনিখনৰ সঠিক ৰূপায়ন হোৱা নাই। ইফালে কণা হাঁহক পতান দিয়াৰ দৰে পঞ্চায়ত খনত পকী শৌচাগাৰ নিৰ্মাণত লুণ্ঠন চলালে সভাপতি বড়াৰ লগতে একাংশ দুৰ্নীতিগ্ৰস্ত দালালে। জানিব পৰামতে, উক্ত শৌচাগাৰ সমূহ আত্মসহায়ক গোট আৰু এন.জি.অ'ক নিৰ্মাণ কৰিবলৈ দিছিল। কিন্তু অধিকাংশ হিতাধিকাৰীৰেই নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল শৌচাগাৰসমূহ।
শৌচাগাৰ সম্পূৰ্ণ নোহোৱাকৈ লাখ লাখ টকা আত্মসাৎ কৰিলে নিৰ্মাণকাৰী, এন.জি.অ তথা পঞ্চায়তৰ সভাপতিগৰাকীয়ে। ফলত ক্ষোভ উজাৰিছে হিতাধিকাৰী আৰু জাতীয় সংগঠনৰ নেতাই। পঞ্চায়ত খনত জৱকাৰ্ডৰ নামতো জালিয়াতি কৰি চৰকাৰী ধন আত্মসাৎ কৰি অহা তথ্য পোহৰলৈ আহিছে। জৱকাৰ্ডৰ নামত ভুৱা তথ্যৰ জৰিয়তে দুৰ্নীতি কৰি অহাৰ বিষয়টো তথ্য সহকাৰে অসম নৱ নিৰ্মাণ সেনাই এজাহাৰ দাখিল কৰিছে হালোৱাটিং আৰক্ষী থানাত।
তাৎপৰ্যপূৰ্ণ যে, গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিত বড়াৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ পিছতো আৰক্ষী প্ৰশাসনে গুৰুত্ব নিদিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে জাতীয় সংগঠনটো। লগতে গাঁও পঞ্চায়তৰ সভাপতিৰ আসন কলংকিত কৰা ৰঞ্জিত বড়াৰ বিৰুদ্ধে অসম নৱ নিৰ্মাণ সেনা গৰজি উঠাৰ লগতে গ্ৰেপ্তাৰৰ দাবী তোলে। শূন্য সহনশীলতাৰ কথা কৈ শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে দুৰ্নীতিগ্ৰস্ত এনে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হৈ পৰিছে৷