
নগাঁওঃ অৱশেষত আৰক্ষীৰ জালত পৰিল নগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত৷ ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাৰ লালুং গাঁৱৰ ১৩ বছৰীয়া কিশোৰাক ধৰ্ষণ কৰি জ্বলাই হত্যা কৰা জাকিৰ হুছেইন আৰক্ষীৰ জালত পৰে৷ ১৩ বছৰীয়া কিশোৰীক প্ৰথমে ধৰ্ষণ তাৰ পিছত জ্বলাই দিছিল জাকিৰ আৰু দুই বন্ধুৱে৷
নগাওঁ জিলাৰ ইটাপাৰা লাওগাঁৱৰ পৰা ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি, লম্পট জাকিৰে বন্ধুৰ সৈতে মোবাইলত যোগযোগ অব্যাহত ৰাখিছিল৷
আৰক্ষীয়ে জাকিৰৰ বন্ধুৰ ওপৰত নজৰ ৰাখিছিল৷ বন্ধুক ফোন কৰা নম্বৰৰ লোকেশ্বন ট্ৰেচ কৰি লুকাই থকা ঠাই চিনাক্ত কৰি আৰক্ষীয়ে৷ জানিব পৰা মতে, এটা গোপন মোবাইল নম্বৰৰ পৰা এজন বন্ধুক ফোন কৰিছিল আৰু বন্ধু আৰক্ষীৰ জালত পৰাৰ পিছতেই কল ৰেকৰ্ডৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জাকিৰক।
চিকিৎসালয়ৰ বিচনাত চটফটাই ২৩ মাৰ্চত মৃত্যৰ ওচৰত হাৰ মানিছিল বটদ্ৰৱাৰ ধৰ্ষিতা ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে৷ পঞ্চম শ্রেণীৰ ছাত্রী তথা ১৩ বছৰীয়া কিশোৰী ধৰ্ষণৰ বলি হৈছিল ২৩ মাৰ্চৰ দিনৰ ভাগত৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত জাকিৰ আৰু দুগৰাকী যুৱকে প্ৰথমে ধৰ্ষণ পিছত জ্বলাই হত্যাৰ চেষ্টা কৰে কিশোৰীগৰাকীক৷
বহু পলমকৈ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতেই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসালয়ত মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও নিশা কিশোৰীগৰাকীয়ে মৃত্যুক আকোৱালি লয়৷
এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত ২৩ মাৰ্চৰ দিনৰ দুই বজাত সংঘটিত হৈছিল জঘন্য ঘটনা। লালুং গাঁৱৰ এঘৰত ঘৰত কোনো নথকাৰ সুযোগলৈ একে অঞ্চলৰে এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই নি দলৱদ্ধ ধৰ্ষণ পাছত কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা কৰে৷
জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক নামৰ তিনিগৰাকী যুৱকৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে। তিনি অভিযুক্তৰ পিতৃ-মাতৃ সহ জাকিৰে পলায়ন কৰি আছিল।