
ডিফুঃ ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলং তথা ডিমা হাচাওক যুটীয়াভাৱে লৈ এখন পৃথক ৰাজ্য গঠনৰ দাবীৰে ২৪ মাৰ্চত জিলা কেইখনৰ বহুকেইটা সংগঠনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ডিফু চহৰৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰি পূব কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ সভাপতি হলিৰাম তেৰাঙে জানিবলৈ দিয়া মতে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত এএছডিচিয়ে বিগত কেইবা দশকজুৰি স্বায়ত্ত ৰাজ্য প্ৰদান কৰাৰ দাবী জনাই আহিছিল৷ কিন্তু এই বিষয়টোৰ সন্দৰ্ভত চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷
১৯৯৫চনত এমঅ'ইউ আৰু ২০১১ চনত এমঅ'এচ চুক্তি সম্পাদন হৈছিল যদিও এমঅ'ইউৰ কেইবাটাও দফা বৰ্তমানলৈকে সফল ৰূপায়ণ নহ’ল৷ আনহাতে স্বায়ত্ত ৰাজ্য বা এখন পূৰ্ণাংগ ৰাজ্য গঠনৰ বাবে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক)ৰ জৰিয়তে ১৯৮৬ চনৰ পৰা দাবী কৰি অহা হৈছিল৷ কিন্তু এই দাবীৰ প্ৰতি পূৰ্বৰ ইউপিএ চৰকাৰৰ লগতে বৰ্তমানৰ শাসনাধিস্থ এনডিএ চৰকাৰে পাহাৰীয়া জিলা দুখনৰ ৰাইজক আঁভৱা ভাৰি আহিছে৷
২৪ মাৰ্চত জিলা দুখনৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণৰ জৰিয়তে কাৰ্বি আংলং আৰু ডিমা হাচাওক সাঙুৰি এখন পাৰ্বত্য ৰাজ্য গঠনৰ দাবী জনায়৷ ইয়াৰোপৰি কাৰ্বি আংলং-নাগালেণ্ড সীমান্ত অঞ্চলত কাৰ্বি আংলঙৰ ভূমি বেদখলৰ বিৰোধিতা কৰে প্ৰতিবাদী ৰাইজে৷
প্ৰতিবাদকাৰীসকলে চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷
উল্লেখ্য যে, কাঞচাডিকম, কেএনএলএফ আৰু জাকাছৰ যৌথ উদ্যোগত পাৰ্বত্য জিলা তিনিখনৰ প্ৰায় ৩ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে স্বায়ত্ত ৰাজ্যৰ দাবীত অহা ২৯ মাৰ্চত নতুন দিল্লীৰ ৰামলীলা ময়দানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব৷