
চাবুৱাঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক মেচেজ দিছিল দেশ পৰিস্কাৰ কৰাৰ৷
তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷
তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল'গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ফলস্বৰূপে আজিকোপতি এই অভিযানে বিশেষ সফলতা লাভ কৰিব পৰা নাই৷
ৰাজ কোষৰ কোটি কোটি টকা স্বচ্ছ ভাৰত অভিযান আঁচনিৰ নামত খৰছ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ মাজমজিয়াৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে। যাৰ ফলত এতিয়া ছাত্ৰ সংগঠনে বজাৰ পৰিস্কাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লাগ হৈছে৷
সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰৰ পৰা ৩৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি চাবুৱাৰ বজাৰ পৰিস্কাৰ কৰাৰ দাবী জনায়৷ যোৱা ২৪ ঘণ্টা ধৰি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ অন্তত জিলা উপায়ুক্তই সংগঠনৰ সৈতে আলোচনাত বহাৰ পাছতেই সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী বাতিল কৰে৷ জানিব পৰা মতে, উপায়ুক্তই শীঘ্ৰে ছাত্ৰ সন্থাৰ দাবী পূৰণৰ আশ্বাস দিয়ে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশক পৰিস্কাৰ কৰাৰ আহ্বান জনাই অহাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰ সমিতিয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
বিজেপি চৰকাৰে ৰূপায়ন কৰা আঁচনি সফল নোহোৱাৰ ফলত দেওবাৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৩৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে
সংগঠনটোৱে বিজেপি চৰকাৰ হায় হায়, বিধায়ক বিনোদ হাজৰিকা লেই লেই-চেই চেই, বিধায়ক বিনোদ হাজৰিকাৰ কাম নাই, গাদী এৰক, নগৰ সমিতি হায় হায়, উন্নয়ণৰ ফটাঢোল বজোৱা বিধায়ক বিনোদ হাজৰিকাৰ কাম নাই আদি শ্ল’গানেৰে চাবুৱা চাৰিআলিৰ সমীপত মাইক বজাই উত্তাল কৰে।
উল্লেখ্য যে, চাবুৱাৰ নতুনকৈ নিৰ্মাণৰত বজাৰৰ কাম লেহেমীয়া হোৱাৰ লগতে বজাৰখন শ্বহীদ বজাৰ নামেৰে নামাকৰণ আৰু চাবুৱা ডি ডি আৰ মহাবিদ্যালয়লৈ যোৱা পথৰ যান-জোঁট নিৰ্মূলৰ দাবী জনাই সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷