
লংকাঃ যোৱা কালি বোৱাৰী এগৰাকী আহি আছিল৷ তাই আহিব নোৱাৰে৷ বাৰিষা হলে এগৰাকী গৰ্ভৱতীক নিব নোৱাৰে৷ মই নিজে কান্ধত নিছো দুগৰাকী মানুহৰ সৈতে নদী পাৰ কৰি৷ প্ৰথম কথা আমাক ৰাস্তা লাগে৷ এইয়া এখন গাঁৱৰ এগৰাকী মহিলাৰ হৃদয়বিদাৰক আহ্বান৷
বাৰিষা শিক্ষাৰ্থীয়ে স্কুলত যাব নোৱাৰে৷ যদি আমাক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বনাই নিদিয়ে তেন্তে আমি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম৷ আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক সকলো নিৰ্বাচন বৰ্জন কৰিবলৈ সমূহ ৰাইজ একত্ৰিত হৈছো৷ একেখন গাঁৱৰে এগৰাকী পুৰুষৰ আহ্বান এয়া৷
গাঁও খনৰ নাম হৈছে দেউবালী৷ হোজাই জিলাৰ ৯২নং লামডিং বিধান সভা সমষ্টিৰ কাকী ঠাইচুপাৰ গাঁও পঞ্চায়তৰ অধিনৰ এখন গাঁও দেউবালী৷ গাঁও খনত আছে এহেজাৰটা পৰিয়াল৷ তেওঁলোকক এতিয়া লাগে উন্নয়ন৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছতো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা লোকসকলে আজিও বোকা পানীৰে খোজ কাঢ়িব লগা হয়৷
৯০ শতাংশ লোক কৃষি কৰ্মৰ সৈতে জৰিত৷ দিন হাজিৰা-শ্ৰমিক হিচাপে কাম কৰিব লগা হয় গাঁও খনৰ লোকে৷ সতি-সন্তানক আধাতে পঢ়াব এৰি পৰিয়াল চলোৱাত সহায় কৰিবলৈ কামত লগাব লগা হয় পৰিয়াল সমূহে৷ মুঠৰ ওপৰত দিন নাযায় ৰাতি নুপুৱাই দেউবালী গাঁৱৰ লোকৰ৷
জীৱন ধাৰণৰ মানদণ্ড শূন্য তেওঁলোকৰ৷ বিদ্যুৎৰ পোহৰ তেওঁলোকৰ বাবে এক সপোন৷ আনহে নালাগে সপ্তাহত বেছি কেইটা দিন গাঁও খনৰ লোকসকলৰ মোবাইল ছুইটছ অফ হৈ থাকে৷ কিয়নো মোবাইল চাৰ্জ দিবলৈ প্ৰায় ৪-৫ কিঃ মিঃ অতিক্ৰমি যাব লগা হয়৷ তথ্য আৰু প্ৰযুক্তিৰ যুগত মোবাইলটো চাৰ্জ দিবলৈ তেওঁলোকে দিনৰ দিনটো পাৰ কৰিব লগা হয়৷
বিশুদ্ধ খোৱাপানী লাভ কৰাটো কৰাটো তেওলোকৰ বাবে আন এক সপোন৷ কৃষকসকলৰ সাৰ, বীজ, সা-সৰঞ্জাম, পথাৰত পানী, পাবলৈও আজিলৈ সক্ষম হোৱা নাই৷ আৱাস যোজনাৰ গৃহ, পথ নিৰ্মাণৰ আঁচনি, শিক্ষা-স্বাস্থ্যৰ কোনো আঁচনিয়ে আজিলৈ তেওঁলোকক ঢুকি পোৱা নাই৷
হোজাই জিলাৰ ৯২নং লামডিং বিধান সভা সমষ্টিৰ কাকী ঠাইচুপাৰ গাঁও পঞ্চায়তৰ দেউবালী গাঁৱৰ এহেজাৰটা পৰিয়ালক লাগে ৰাস্তা৷ দেশ স্বাধীনতা লাভ কৰাৰ পিছতো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা লোকসকলে আজিও বোকা পানীৰে খোজ কাঢ়িব লগা হয়৷
উল্লেখ্য যে, ৰাস্তা-ঘাট, বিশুদ্ধ খোৱা পানী, বিদ্যুত সেৱাৰ পৰা বঞ্চিত এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাওঁবাসী৷ গাওঁ খনৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে যাতায়ত ব্যৱস্থাই৷
গাঁওখনত প্ৰৱেশ কৰা মূল পথটোৰে গাড়ী-মটৰটো দূৰৰ কথা খোজকাঢ়ি যাব নোৱাৰি৷ খোজ কাঢ়ি যাবলৈও দহ বাৰ ভাবিব লাগে গাঁওবাসীয়ে৷ গাওঁ খনৰ একমাত্ৰ পথটো পুখুৰী নে, গাঁতত ধৰিবই নোৱাৰি৷
জৰাজীৰ্ণ পথটো নিৰ্মাণৰ বাবে বিভিন্ন সময়ত আঁচনি গ্ৰহণ কৰা হয় যদিও আজিকোপতি পথটো নিৰ্মাণ তথা মেৰামতি নোহোৱাটো ৰহস্যজনক বুলি আক্ষেপ কৰে গাঁওবাসীয়ে৷
বাৰিষা অহাৰ লগে লগে যমৰ-যাতনা ঙোগ কৰি অহা লোকসকলে চিন্তিত হৈ পৰিছে৷ স্থানীয় ৰাইজৰ স্পষ্ট মত, গাঁও খনৰ প্ৰতি চৰকাৰী আমোলা-বিষয়া কিম্বা জনপ্ৰতিনিধিয়ে মাহী আইৰ দৃষ্টিৰে চাই আহিছে৷ সেয়েহে ৰাইজ একত্ৰিত হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ সভাৰ সিদ্ধান্ত মৰ্মে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব তেওলোকে৷