কাকপথাৰত আছুৰ প্ৰতিবাদ, অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব নিদিয়াৰ হুংকাৰ

কাকপথাৰঃ মঙলবাৰে পুৱাৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাকপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ১১ বজাৰ পৰা ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷

শতাধিক আছুৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক বিশ্ববিদ্যালয় খন বন্ধ নকৰিবলৈ সকীয়াই দিয়ে চৰকাৰক৷ 

একমাএ মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দিয়া, মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণ প্ৰক্ৰিয়া বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আছুৱে। 

বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷