বন্য হস্তীৰ উপদ্ৰৱ অব্যাহত অাছে জাগুনত

জাগুনঃ অসম-অৰুণাচল সীমান্তৰ কথাচেমা গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ৷ প্ৰতি নিশাই এজাক বনৰীয়া হাতীয়ে গাওঁখনত চলাই অহা তাণ্ডৱত ত্ৰাহি মধুসূদন কাঢ়িব লগা হৈছে কথাচেমাৰ বাসীয়ে৷ 

জানিব পৰা মতে, সোমবাৰে নিশা হাতীজাকৰ উপদ্ৰৱৰ পৰা  কথমপি প্ৰাণ ৰক্ষা পৰে পাঁচটাকৈ পৰিয়ালৰ৷ বনৰীয়া হাতীৰ জাকটোৱে ঘৰ ভাঙি তহিলং কৰাৰ লগতে সা সামগ্ৰী ভাঙি নষ্ট কৰে৷ আনহাতে হাতীৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ গাঁও বাসীয়ে ঘৰ বাৰী এৰি পলায়ন কৰিব লগা হৈছে নিৰাপদ স্থানলৈ৷ 

হাতীৰ জাকটোক দূৰলৈ খেদি পঠিওৱাৰ ব্যৱস্থা বন বিভাগে গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে হৈছে৷ হাতী-মানুহৰ মাজত দিনে দিনে বাঢ়ি অহা সংঘাতক নিৰ্মূল কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ খনে তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে কথাচেমা গাঁৱৰ ৰাইজ৷ 

চৰকাৰে কাণসাৰ নিদিয়াৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বনৰীয়া হাতীৰ তাণ্ডৱে আতংকিত কৰি ৰাখিছে তিনিচুকীয়া জিলাৰ জাগুনৰ কথাচেমা গাঁৱৰ ৰাইজক৷