যিকোনো বিনিয়মৰ ফলত শীঘ্ৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আয়োগে

গুৱাহাটীঃ যিকোনো বিনিয়মৰ ফলত ৰাজ্য চৰকাৰ-নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷ দেশৰ শীৰ্ষ আদালতে মঙলবাৰে নিৰ্বাচন আয়োগক এই নিৰ্দেশ দিয়ে৷ ৰাজ্য চৰকাৰে এনআৰচিৰ কামত কোনো ধৰণৰ সমস্যাত নপৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ 

মঙলবাৰে শুনানিৰ কালত এন আৰচিৰ কামত কোনোধৰণৰ বাধা আহিব নোৱালে বুলি স্পষ্ট কৰে৷ কেইবাখনো জিলাৰ উপাযুক্তই এনআৰচিৰ কামৰ মাজতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হলে সমস্যা হ’ব বুলি দেশৰ নিৰ্বাচন আয়োগক লিখিত ভাবে উল্লেখ কৰিছিল৷ 

অসমৰ আমোলাই পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত কৰাত সমস্যা সৃষ্টি হোৱাৰ কথা জনোৱাৰ ফলতে নিৰ্বাচন আয়োগে এখন লেখ আৱেদন দিছিল শীৰ্ষ আদালতত৷ দেশৰ শীৰ্ষ আদালতে শুনানি গ্ৰহণ কৰি যিকোনো বিনিয়মৰ ফলত নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বুলি কয়৷