মাৰ্ঘেৰিটাত আছুৰ প্ৰতিবাদ, নাৰী শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবী

মাৰ্ঘেৰিটাঃ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত বুধবাৰে মাৰ্ঘেৰিটা ছাত্ৰ সন্থাই অসম মহিলা বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ মাৰ্ঘেৰিটা ৰংগ মঞ্চত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে৷

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ধৰ্মঘটথলীৰ পৰাই আছুৱে বিশ্ববিদ্যালয় খন বন্ধ নকৰিবৰ বাবে সকীয়াই দিয়ে৷ 

উল্লেখ্য যে, বিজেপি চৰকাৰৰ জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই উঠিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷