
চাবুৱাঃ দেশ তথা ৰাজ্যৰ প্ৰতিটো দলৰ চৰকাৰে নিজ নিজ দলৰ আদৰ্শৰ পুৰুষৰ স্মৃতি যুগমীয়া কৰাৰ স্বাৰ্থত ৰাস্তা-ঘাট, স্কুল-কলেজ, বিমানবন্দৰৰ নামকৰণ কৰে৷ কংগ্ৰেছ দলৰ চৰকাৰ আহিলে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ নামেৰে নামকৰণ কৰাৰ বিপৰীতে বিজেপিৰ চৰকাৰ আহিলে দিন দয়াল উপাধ্যায়, পণ্ডিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰিবলৈ আৰম্ভ কৰে দেশ তথা ৰাজ্যৰ অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভিন্ন আঁচনি৷
যাৰ ফলত দেশৰ লোকৰ আদৰ্শৰ পুৰুষসকলৰ তথা ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ বীৰ পুৰুষৰসকলৰ নামবোৰ ইতিহাসৰ পাতৰ পৰা নোহোৱা হোৱাৰ দৰে ৰৈ যায়৷ যাৰ ফলত আমাৰ ৰাজ্যৰ লোকসকলে সময়ে সময়ে প্ৰতিবাদ কৰিব লগা হয় ৰাজ্যখনৰ বীৰ পুৰুষসকলৰ নামেৰে অনুষ্ঠান গঢ় দিবৰ বাবে৷
ৰাজ্য খনৰ ঐতিহ্যমণ্ডিত ভূমিপুত্ৰ মটক জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে নিজ জনগোষ্ঠীৰ লোকৰ নামৰে এখন বজাৰৰ নামকৰণ কৰাৰ বাবে৷ একালত মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া মটক জনগোষ্ঠীয়ে প্ৰাক-আহোম যুগৰপৰাই অসমৰ সৌমাৰখণ্ডত বসবাস কৰি আহিছে৷
আজি এই জনগোষ্ঠীয়ে নিজৰ পূৰ্বপুৰুষৰ নামটোৰে এখন বজাৰৰ নামকৰণ কৰিবলৈ প্ৰতিবাদ কৰিব লগা হৈছে৷ দেশৰ ৰাষ্ট্ৰীয় দল সমূহে তেওঁলোকৰ নেতাৰ নামেৰে দেশৰ অনুষ্ঠান ভৰাই পেলাই কিন্তু ভূমিপুত্ৰই নিজ জনগোষ্ঠীৰ লোকজনৰ নামেৰে আঁচনিৰ নামকৰণ কৰাৰ বাবে প্ৰতিবাদ কৰিব লগা হয়৷
বুধবাৰে মটক জনগোষ্ঠীৰ কেইবাশতাধিক লোকে ৰাজ পথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ চাবুৱা চাৰিঅালিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে৷
চাবুৱা নগৰ সমিতিয়ে নিৰ্মাণ কৰি থকা চাবুৱা দৈনিক বজাৰখনৰ নাম মটক ৰজা ভগীৰথ গোহাঁইৰ নামেৰে নামাকৰণ কৰা অাৰু জৰাজীৰ্ণ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় এক ঘন্টা ধৰি অৱৰোধ কৰে৷
মটক যুৱ-ছাত্র পৰিষদে জন্ম লগ্নৰে পৰা মটক জনগোষ্ঠীৰ অাৰ্থসামাজিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ উন্নয়নৰ স্বাৰ্থত আপোচবিহীন ভাবে সংগ্ৰাম অব্যাহত ৰাখিছে। বিশেষকৈ মটক জনগোষ্ঠীটোৰ অন্যতম জনবসতি স্থল হৈছে চাবুৱা। যাৰ বাবে চাবুৱা নগৰখনৰ মূল বজাৰখনৰ নাম মটকৰ তৃতীয় ৰজা ভগীৰথ গোঁহাইৰ নামেৰে নামাকৰণ কৰিব লাগে বুলি দাবী জনাই।