কোন কেন্দ্ৰীয় মন্ত্ৰীয়ে জীয়াই জীয়াই ছাল বখলিয়াব মানুহৰ? জানিবলৈ পঢ়ক এই বাতৰি

ডিজিটেল ডেক্সঃ সাধাৰণ লোকৰ ওপৰত হে আইন-কানুন৷ মন্ত্ৰী-বিধায়কে মুখত যি আহে সকলো কথা কব পাৰে৷ তেনে কামেই কৰিলে বিজেপিৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে৷

মানুহৰ কথাত প্ৰকাশ পায় তেওঁৰ মানসিকতা। ভাৰতত এক অসহিষ্ণুতাৰ বাতাবৰণে গা কৰি উঠিছে। এনে পৰিৱেশ সৃষ্টিত একাংশ নেতা-মন্ত্ৰীয়ে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে। 

বৃহস্পতিবাৰেও এনে এক ঘটনা ঘটিছে পশ্চিমবংগৰ আছানছোলত। কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই এজন প্ৰতিবাদকাৰীক জীয়াই জীয়াই ছাল বখলিয়াব বুলি কৈ জিভাৰ খজুৱতি মাৰে।

ৰাম নৱমীৰ শুভাযাত্ৰাৰ পাছৰ পৰাই অঞ্চলটোত সংঘটিত সাম্পদায়িক সংঘৰ্ষত ভূক্তভোগি বহু লোক আছে আশ্ৰয় শিবিৰত। কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই কল্যাণপুৰত স্থাপন কৰা এটা আশ্ৰয় শিবিৰৰ লোকসকলক দেখা কৰিবলৈ যোৱাত আৰক্ষীয়ে তেওঁক বাধা দিয়ে। 

ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা ভংগৰ অভিযোগত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আইপিএছ তথা আৰক্ষী বিষয়া ৰূপেশ কুমাৰে দুৰ্ব্যৱহাৰ কৰে বুলি সুপ্ৰিয়য়ো এক গোচৰ ৰুজু কৰিছে।

নেতাজনৰ কাষত গোট খোৱা লোকসকলক উদ্যেশি তেওঁ কয়, মই কি আপোনালোকক যুঁজ কৰিবলৈ ক’ম? মই গুচি যাম কিন্তু আপোনালোক আকৌ হিংসাৰ বলি হ’ব। 
কিন্তু এনে সময়তে এজন লোকে সুপ্ৰিয়ক উদ্যেশি গ’ বেক ধ্বনি দিয়াত বাবুল সুপ্ৰিয়ই জীয়াই জীয়াই ছাল বখলিয়াম বুলি চিঞৰি কোৱা শুনা যায়। 

পিছত সুপ্ৰিয়ই কয় যে তেওঁ দুৰ্গতসকৰক দেখা কৰিব বিচৰাৰ সময়ত দুই-তিনিজন দুষ্কৃতিকাৰীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। দুগৰাকী মহিলাই কান্দি কান্দি তেওঁৰ ওচৰলৈ আহিব বিচাৰিছিল যদিও তৃণমূল কংগ্ৰছৰ দুষ্কৃতিকাৰীকেইজনে তেওঁলোকক বাধা দি শ্ল’গান দিয়ে। খঙৰ ভমকত ছাল বখলিয়াম বুলি কোৱাটো কোনো অপৰাধ নহয় বুলি কয়।