
বটদ্ৰৱাঃ অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম কলিয়াবৰ লোকসভা সমষ্টি৷ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা যোৱা ৪টাবছৰে সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে যুৱ সাংসদ গৌৰৱ গগৈয়ে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ গৌৰৱ গগৈক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদ বঁটা আগবঢ়াইছে ‘ফেইম ইণ্ডিয়া’ নামৰ আলোচনী খনে। আলোচনী খনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ সেৱা আগবঢ়োৱাৰ বাবে সাংসদ গগৈক সন্মান আগবঢ়াইছে।
উল্লেখ্য যে, ‘ফেইম ইণ্ডিয়াই’ দেশৰ সাংসদসকলৰ নিজ সমষ্টিৰ প্ৰতি আগবঢ়োৱা সেৱা, সামাজিক অৱদান, জনসাধাৰণৰ লগত সংযোগ সাধন, বিভিন্ন আঁচনিৰ ৰূপায়ন, কৰ্ম দক্ষতা, সংসদৰ বিভিন্ন উত্থাপন কৰা ভাষণ আৰু বিতৰ্ক, প্ৰশ্ন উত্থাপন, সদনৰ উপস্থিতি আৰু ব্যক্তিত্বৰ ওপৰত ভিত্তি কৰি এই সন্মান প্ৰদান কৰে৷ দেশৰ মুঠ ২৫গৰাকী সাংসদক এই সন্মান প্ৰদান কৰে।
উল্লেখ্য যে, ঐতিহ্যমণ্ডিত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা যুৱ সাংসদগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতাৰ ভিত্তিত ৰাষ্ট্ৰীয় মিডিয়া আৰু ৰাজনৈতিক খবৰ ৰখা মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
যুৱ সাংসদ গগৈৰ এই কৃতিত্বৰ বাতৰিয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আগন্তুক দিনত ৰাজ্য খনৰ সমস্যা সমূহ অধিক হাৰত নিম্ন সদনত উত্থাপন কৰিব বুলি ৰাজনৈতিক মহলে আশা ব্যক্ত কৰে।