
লখিমপুৰঃ ৰাজ্যৰ এগৰাকী নাট্য কৰ্মীক ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ৰাষ্ট্ৰীয় ছোটা নাগপুৰ নাট্য মহোৎসৱত বিশেষ ভাবে সম্বৰ্ধনা যাচে৷ বিশ্বনাট্য দিৱস সংগতি ৰাখি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় ছোটা নাগপুৰ নাট্য মহোৎসৱত অভিনেতা তথা নাট পৰিচালক দয়াল কৃষ্ণ নাথক কাণ্টি কৃষ্ণ সন্মানেৰে সন্মানিত কৰে।
লখিমপুৰ জিলাৰ ৰাঁচীৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথক যুৱা নাট্য সংগীত একাডেমীৰ উদ্যোগত যোৱা ২৭-৩০ মাৰ্চত ৰাঁচী চহৰৰ আড্ৰে হাউচৰ মুকলি মঞ্চত অনুষ্ঠিত হোৱা নাট্য মহোৎসৱত দুজন নাট্য কৰ্মীক এই সন্মান আগবঢ়োৱা হয়।
দয়াল কৃষ্ণ নাথে একেৰাহে ৩০ বছৰ ধৰি নাট্য চৰ্চাত অব্যাহত ৰখাৰ বাবে এই সন্মান প্ৰদান কৰে৷ নাটকত স্নাতকোত্তৰ, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সংগীত নাটক একাডেমী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লী, পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ, কলকতাকে ধৰি কেইবাটাও চৰকাৰী অনুষ্ঠান লগত জড়িত দয়াল কৃষ্ণ নাথে লখিমপুৰ জিলাৰ ফুলবাৰী অঞ্চলত নাট্য পৰিৱেশ গঢ় দিয়ে৷
অভিনৱ থিয়েটাৰ নামৰ নাট্যগোষ্ঠীৰ জড়িয়তে অসম তথা ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে নাথে। বিশিষ্ট নাট পৰিচালক পদ্মশ্ৰী ৰতন থিয়াম, ৰাজ্যৰ প্ৰবীণ নাট পৰিচালক অৱিনাশ শৰ্মা, চৰকাৰৰ ICCR বিভাগৰ ফিজি দেশৰ কেন্দ্ৰ সঞ্চালক তথা সাংস্কৃতিক সাধক প্ৰফেচাৰ ড০ ওমঁ প্ৰকাশ ভাৰতীৰ সান্নিধ্যত নাট চৰ্চা অব্যাহক ৰাখিছে৷