
নগাঁওঃ পুথি হৈছে জ্ঞানৰ ভঁৰাল স্বৰূপ৷ মানুহৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত গ্ৰন্থৰ ভূমিকা অপৰিসীম। গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ ভৰাল স্বৰূপ একোখন গ্ৰন্থ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক গ্ৰন্থ পঢ়াৰ বিপ্লৱ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে নগাঁও জিলাৰ সংখ্যা লঘু এলেকা বৃহত্তৰ দগাঁও গ্রন্থমেলা আয়োজক সমিতিয়ে৷
অসমীয়া-ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ দিয়ে জ্ঞানৰ ভাণ্ডাৰ পুথিয়ে৷ বুৰঞ্জী, মানৱ সভ্যতাৰ কথাও পুথিভঁৰালত থকা পুথি কেইখনে আপোনাক দিয়ে৷ গ্রন্থমেলাৰ জৰিয়তে গ্রন্থ অধ্যয়নৰ পৰিবেশ সৃষ্টি কৰাৰ মানসেৰে এক বৌদ্ধিক আন্দোলনৰ বাট প্রশস্ত কৰাৰ প্রয়াসেৰে নগাঁও জিলাৰ দগাঁৱত গ্রন্থমেলাৰ আয়োজন কৰা হয়৷
যোৱা ৩০ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা শিশু গ্রন্থমেলাৰ দেওবাৰে সামৰণি পৰে। দগাঁৱৰ আদৰ্শ জাতীয় বিদ্যালয় প্রাংগন তথা ওচমান আলী সদাগৰ সমন্বয় ক্ষেত্রত অনুষ্ঠিত হোৱা শিশু গ্রন্থ মেলাৰ ৩০ মাৰ্চৰ পুৱা পতাকা উত্তোলন কৰে ডাঃ মফিজুৰ ৰহমান চৌধুৰীয়ে।
৯.২০ বজাত বন্তি প্রজ্বলন কৰে লক্ষেশ্বৰ কাকতিয়ে, ৯.৩০ বজাত গ্রন্থ বিপনী সমূহৰ মুকলি কৰে প্রসন্ন কুমাৰ কলিতাই। ৯.৪০ বজাত আবু চাদিক কবিৰে পৰিচালনা কৰা সাংস্কৃতিক শোভাযাত্রাৰ উদ্ধোধন কৰে গিয়াচ উদ্দিন আহমেদে। ১০.৩০ বজতা মঞ্চ উদ্ধোধন, ১০.৪০ বজাত চিত্র কলা প্রদৰ্শনী, ১০.৫০ আদৰ্শ পুথিভড়াল উন্মোচনৰ পাচতে চিত্রাংকন প্রতিযোগিতা পৰিচালনা কৰে মেহদী ইকবাল খানে।
আকস্মিক বক্তৃতা, জিকিৰ-জাৰী, শিশু নাট আৰু নৃত্য প্রদৰ্শন কৰা হয়। ৩১ মাৰ্চৰ পুৱা গছ পুলি ৰোপণ, কবিতা আবৃত্তি প্রতিযোগিতা, আধুনিক গীত পৰিবেশনৰ পাছত ১ বজাৰ পৰা অনুষ্ঠিত তৰ্ক প্রতিযোগিতা সঞ্চালনা কৰে শ্বৰিফুল ইছলামে। ৩.৩০ বজাত ব্যক্তিত্ব, দক্ষতা বিকাশ আৰু কথোপকথনৰ এক কৰ্মশালা অনুষ্ঠিত হয়।
১ এপ্রিলৰ পুৱা ৯.৩০ বজাত চাফাই অভিযান, ১০ বজাত যোগাসন প্রদৰ্শনৰ পাছত জমছেদ আলীৰ স্মৃতিত অনুষ্ঠিত আন্তঃবিদ্যালয় ডিজিটেল কুইজ প্রতিযোগিতা পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱা, সঞ্জীৱ বৰা আৰু আছিম হাজৰিকাই।
১.২০ বজাত বঁটা বিতৰণি সভাৰ পাছতে ২.২০ বজাৰ পৰা ‘ডিজিটেল যুগত গ্রন্থ অধ্যয়নৰ প্রয়োজনীয়তা’, ‘মাদক দ্রব্য আৰু আজিৰ যুৱ সমাজ’ বিষয়ক আলোচনা চক্রত আলোচক হিচাপে উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি জ্ঞানদা বৰা, ডাঃ ৰেজাউল কৰিম আৰু ফজলুল হক মৰল। ৪ বজাৰ পৰা অনুষ্ঠিত আয়োজক সমিতিৰ অন্তৰংগ অনুষ্ঠান, গীতৰ শৰাইৰ পাছতেই গ্রন্থমেলাৰ সামৰণি পৰে।