হাগ্ৰামাৰ সুৰ সলনি, গোৰেশ্বৰত কলে, আদিবাসী-কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে

গোৰেশ্বৰঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সমানে সমানে কেইবাটাও বড়ো জনগোষ্ঠীৰ সংগঠন আৰু ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে৷ জনজাতিকৰণৰ বিৰুদ্ধে আৰু জনজাতিকৰণৰ সপক্ষে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷

তাৰ মাজতে বিটিচি প্ৰধান তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হঠাৎ সুৰ সলনি কৰি আদিবাসী আৰু কোচ-ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে বুলিও মত প্ৰকাশ কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ গোৰেশ্বৰ ব্লক বিপিএফৰ লগতে যুৱ আৰু মহিলাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত এই কথা প্ৰকাশ কৰে। 

ইমানে নহয় আদিবাসী আৰু কোচ-ৰাজবংশীৰ অধিকাৰৰ বাবে বিটিচিৰ ৪০টা পৰষদীয় সমষ্টিৰ ঠাইত ৬০-৭০ সমষ্টি কৰাৰ দাবী উত্থাপন কৰে মহিলাৰীয়ে৷ মহিলাৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ কিয়নো লোকসভা আৰু বিটিচিৰ নিৰ্বাচন অহাৰ লগে লগে হঠাও হাগ্ৰামাৰ সুৰ সলনি হোৱা কাৰ্যক সহজে লব পৰা নাই ৰাইজে৷

আনহাতে ৰাজ্য ভেন্সাৰ স্কুলৰ কথা নোকোৱা মহিলাৰীয়ে অধিবেশনত ২০১৫-২০১৬ চনৰ সকলো ধৰণৰ স্কুল কলেজ প্ৰাদেশিকীকৰণ কৰা হ'বও তেওঁ ঘোষণা কৰে। 
হাগ্ৰামাই কয় ‘‘বিটিচিয়ে নতুন কোনো নিয়ম গ্ৰহণ কৰাৰ ক্ষেত্রত অসুবিধা আছে। বিটিচি অঞ্চলৰ উন্নয়নৰ অধিকাৰ আমাক দিছে কিন্তু সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাও আমাৰ কৰ্তব্য।

তেওঁ আৰু কয় যে ভূমি নীতি সম্পৰ্কত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰি সাংসদ হীৰা শৰণীয়া আৰু অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই বিটিচিবাসীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। হীৰা শৰণীয়াই এনেদৰে আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হ'ব বিচাৰিছে। অবড়ো ৰাইজক প্ৰতিনধিত্ব কৰা হীৰা শৰণীয়াই চাৰি  বছৰে সাংসদ পুজি ৫ কৌটি টকা ক'ত ব্যৱহাৰ কৰিলে তাৰ তদন্ত হ'ব বুলিও প্ৰকাশ কৰে। 

২০১৯ চনৰ বাজেট মৰ্মে টংলা, গোৰেশ্বৰত ৰেল লাইনৰ ওপৰত ফ্লাই অভাৰ আৰু গোৰশ্বৰত এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে। গোৰেশ্বৰ ব্লক বিপিএফৰ কাৰ্যকৰী সভাপতি আতোৱাৰ ৰহমানৰ সভাপতিত্বত আয়োজিত সভাত তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বিপিএফ নেত্ৰী বেগম আখতাৰা, ই এম গণেশ কছাৰী উপস্থিত থাকে।