
মঙলদৈঃ দৰং জিলাৰ ৬১টা গৃহহাৰা পৰিয়ালৰ খবৰ লবলৈ আহৰি নাপালে স্থানীয় বিধায়ক তথা শাসকীয় দলৰ নেতা-কৰ্মীয়ে৷ ৬১টা পৰিয়ালৰ লোকে আমাৰ খবৰ লবলৈ কোনো নাই বুলি হাহাকাৰ কৰা পৰিলক্ষিত হৈছে৷
আমাৰ খবৰ লবলৈ কোনো নাই৷ আমি মৰি গলেও কোনেও খবৰ নলয়৷ আমি কেনেকৈ জীয়াই আছো আমিহে জানো৷ নিশা হলেই আমি চকুলো টুকিব লগা হয়৷ এই মন্তব্য দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টি লোজোৰা গাঁৱৰ দিগন্ত বৰুৱাৰ৷ দিগন্ত বৰুৱাৰ পৰিয়ালটোৰ আজি থাকিবলৈ নাই ঘৰ৷ মুহূৰ্ততে সকলো তচনচ হৈ গৈছে দিগন্ত বৰুৱাৰ৷
দৰং জিলাৰ ছিপাঝাৰত ধুমুহা-শিলাবৃষ্টিত বিস্তৰ ক্ষতি সাধন হৈছিল ২৬ মাৰ্চৰ নিশা। বিশেষকৈ ছিপাঝাৰৰ লোজোৰাত ৬১টা পৰিয়ালৰ বাসগৃহ তচনচ কৰি থৈ যায় ধুমুহা-শিলাবৃষ্টিয়ে৷ ব্ৰয়লাৰ ফাৰ্ম, মন্দিৰ, ভঁৰাল ঘৰ আদি তচনচ কৰি থৈ যায়৷
যাৰ ফলত ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে। প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত ৬১টা পৰিয়ালক গৃহহাৰা কৰে৷ ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছিল ৰাইজে৷ কিন্তি সাহায্য দিয়াৰ দুৰৰ কথা খবৰ লবলৈ আহৰি নাপালে প্ৰশাসন-বিধায়কে৷
৬১টা পৰিয়ালে যিটো পৰিস্থিতিত জীয়াই আছে তেনে প্ৰতিচ্ছবি নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ দৰিদ্ৰ, শ্ৰমিক খাতিখোৱা থলুৱা লোক গৃহহাৰা হোৱাৰ পিছতো স্থানীয় প্ৰশাসন-বিধায়কে যোৱা ৭টা দিনৰ ভিতৰত এবাৰো খবৰ নললৈ৷
তেওঁলোকৰ ছালি কেইখন নোহোৱা হোৱাৰ মৰ্মবেদনা প্ৰশাসন-বিধায়কে হয়তো অনুভৱ কৰিব পৰা নাই৷ নৰক যন্ত্ৰণাত পৰিণত হৈছে তেওঁলোকৰ জীৱন৷ এতিয়া মানুহে হাহাকাৰ কৰিব লগৈ হৈছে৷
প্ৰশাসন তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই এই মুহূৰ্তলৈ ৬১টা পৰিয়ালৰ খবৰ নোলোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। বিধায়কে খোদ অহাটো দুৰৰ কথা সাংগো-পাংগো সকলেও এবাৰৰ বাবেও পৰিয়াল সমূহৰ খবৰ নললে৷ সাহায্য দিয়াটো দুৰৰ কথা বিপদৰ সময়তো সমষ্টিৰ দুৰ্ভগীয়া পৰিয়াল কেইটাৰ ওচৰত থিয় নিদিলে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই।
তাৰ মাজতে ৬১টা পৰিয়ালৰ খবৰ ললে দৰং কংগ্ৰেছৰ এটি সজাতি দলে। দেওবাৰে দৰং জিলা কংগ্ৰেছৰ সম্পাদক কুলদীপ বৰুৱা আৰু ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত অহা এটি ১০ জনীয়া কংগ্ৰেছৰ দলে পৰিয়াল কেইটাক শীঘ্ৰে সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ, জিলা উপায়ুক্তক দাবী জনায়।
লোজোৰা গাঁৱৰে দিগন্ত বৰুৱা নামৰ লোক জনন আটাইকেইটা গৃহ সম্পূৰ্ণ ৰূপে ভাঙি যোৱাত কংগ্ৰেছৰ সজাতি দলৰ সন্মুখত হুকহুকাই কান্দি আৱেগিক হৈ পৰে৷ আপোন ঘৰখন তচনচ হোৱাৰ দুখ মইহে বুজি পাইছো বুলি কয় বৰুৱাই৷ আনহাতে প্ৰবল ধুমুহাৰ তাণ্ডৱত বৃহৎ ক্ষতিৰ সন্মূখীন হোৱা পৰিয়াল সমূহক ক্ষতিপূৰণ দিয়াৰ দাবী জনাই ৰাইজে৷