
কোকৰাঝাৰঃ চিত্ৰকলাৰ জৰিয়তে এখন সমাজৰ পৰিৱৰ্তন কৰিবলৈ তথা শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কচৰৎ কৰিব পৰাটো এক বৃহৎ উপলদ্ধি৷ আমাৰ ৰাজ্য অসম খনো চিত্ৰকলা আৰু শিল্পকলাৰ ভৰাল স্বৰূপ৷ অসমৰ বহু যুৱকে বিভিন্ন দিশত প্রতিভা বিকাশ কৰিছে ইতিমধ্যেই৷
জাদু প্ৰদৰ্শন, বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসংগীত, নাট আৰু থিয়েটাৰ, মূকাভিনয়, কবিতা, উপন্যাস, গল্প, কাব্য, সংগীত, নৃত্য, নাটক, খাদ্যৰ প্ৰণালী, ফটোগ্রাফি, চিত্রগ্রহণ, আর্ট, অংকন, চিত্রকর্ম, মৃৎশিল্প, ভাস্কর্য নির্মাণ কৰি প্ৰতিভা প্ৰকাশ কৰা দেখা যায়৷
অভ্যন্তৰীণ সৃজনশীল প্ৰতিভাক বিকাশ কৰি কোকৰাঝাৰ জিলাৰ অন্ঠাইবিল গাঁৱৰ নিজয় কুমাৰ নাৰ্জাৰী আৰু সুমিত্ৰা নাৰ্জাৰীৰ পুত্ৰ তথা উদীয়মান যুৱ শিল্পী বিক্ৰম নাৰ্জাৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কালানাণ্ড আৰ্ট প্ৰতিযোগীতা-২০১৮ত বিজয়ী হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱাত জিলাখনত আনন্দৰ বন্যা বৈছে।
এৰি পোকক মুখ্য বিষয়বস্তু হিচাপে লৈ চিত্ৰ অংকণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘কালানাণ্ড আৰ্ট কন্টেষ্ট-২০১৮’ প্ৰতিযোগিতাত বিজয়ী হোৱা বিক্ৰম নাৰ্জাৰীয়ে সোমবাৰে মুম্বাইস্থিত ৱৰ্লিৰ নেহৰু অডিটৰিয়ামত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে। বঁটা বিতৰণী সভাত প্ৰফুল্ল ধানুকাৰ আৰ্ট অৱ ফাউণ্ডেচনে বিক্ৰম নাৰ্জাৰীক স্বৰ্ণ বঁটা, মান পত্ৰ আৰু এক লাখ টকাৰে সন্মান যাচে৷
উল্লেখ্য যে, বিক্ৰম নাৰ্জাৰীয়ে গুৱাহাটীৰ ললিত কলা ভৱনত অনুষ্ঠিত নৱম নৰ্থ ইষ্ট ষ্টেট এক্সিভিজন-২০১৬ প্ৰতিযোগিতাত নৰ্থ ইষ্ট সমন্বয় বঁটা, ২০১৪ চনত পুনেত অনুষ্ঠিত ২৭তম অল ইণ্ডিয়া আৰ্ট এক্সিভিজনৰ সুন্দৰবাই ইন্দোৰমাল বৰানা আৰু এছ বি বাংগাল বঁটা, লোকমান্য তিলক এণ্ড বেৰিষ্টাৰ ভি ভি অৱাক আৰ্ট এক্সিভিজন ২০১৪ বঁটা, পুনেত অনুষ্ঠিত ২৯তম লোকমান্য তিলক অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৬ বঁটা, নিউ দিল্লী মিউনিচিপাল কাউঞ্চিল অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৪ বঁটা আৰু ৮৭তম বাৰ্ষিক অল ইণ্ডিয়া আৰ্ট এক্সিভিজন ২০১৪ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
উদীয়মান শিল্পী বিক্ৰম নাৰ্জাৰী ছত্তিছগড়ৰ সংগীত আৰু সুকুমাৰ কলা বিশ্ববিদ্যালয়ৰ গ্ৰাফিক্স বিভাগত মাষ্টাৰ অৱ ফাইন আৰ্টস চমুকৈ এমপিএৰ ছাত্ৰ আৰু নিজ প্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷