গোৱালপাৰাত বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা, তিনিজনক আটক, ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

গোৱালপাৰাঃ বিতৰ্কই লগ নেৰা হৈছে ৰাজ্যৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক৷ গোৱালপাৰ জিলাৰ বিদ্যালয়খন এটাৰ পিছত এটা বিতৰ্কই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ গণিত, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞান প্ৰশ্ন কাকত উদ্ধাৰ হৈছিল ব্যক্তিগত বিদ্যালয় গোৱালপাৰা ছায়েন্স কলেজত৷ প্ৰশ্নকাকত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰশ্ন কাকতৰ সৈতে বহু মিল আছিল৷ গোৱালপাৰাৰ বিজ্ঞান একাডেমীয়ে কাকত অবৈধভাৱে সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ 

এয়া যেন আৰম্ভণি হে বিতৰ্কৰ৷ এইবাৰ বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ স্কুলৰ প্ৰস্ৰাৱগাৰত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয় যোগ শিক্ষক হুমায়ুন কবিৰৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে গোচৰ তৰে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তথা শিক্ষকজনৰ বিৰুদ্ধে৷ আনহাতে প্ৰথমে ঘটনা গাপ দিব বিচাৰে যদিও বহু পলমকৈ বিদ্যালয় কৰ্তৃপক্ষও গোচৰ তৰে৷

প্ৰস্ৰাৱগাৰত ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰা অভিযুক্ত যোগ শিক্ষক হুমায়ুন কবিৰক ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে আটক কৰে৷ বিদ্যালয়খনৰ পৰিচালন সঞ্চালক, অধ্যক্ষ নজমুল হক, প্ৰধান শিক্ষক খনীন্দ্ৰ দাসকো আৰক্ষীৰ জিম্মাত দিয়ে আদালতে৷ গোৱালপাৰা চহৰৰ বাপুজিনগৰত থকা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ খেলপথাৰৰ গাতে লাগি থকা গোৱালপাৰা পাব্লিক স্কুল এই ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তাল হৈ পৰিছে গোৱালপাৰা চহৰ। 

শিক্ষকক ফাঁচী দিয়া আৰু গোৱালপাৰা পাব্লিক স্কুল(ছায়েন্স অকাডেমি) বন্ধৰ দাবীত বিদ্যালয় চৌহদত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ছাত্র মুক্তি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, আছুই প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিক্ষকজনক ফাঁচী দিয়াৰ দাবী জনাই।
 
জানিব পাৰ মতে, হুমায়ুন কবিৰ নামৰ যোগ শিক্ষকজনে প্ৰস্ৰাৱগাৰত ধৰ্ষনৰ চেষ্টা চলাই এগৰাকী ছাত্ৰীক৷ পিছত ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি শিক্ষকৰ কৱলৰ পৰা নিজক ৰক্ষা কৰে। দিন দুপৰত বিদ্যালয়তে এনে অপচেষ্টা চলায় লম্পট শিক্ষক জনে। ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকক এই বিষয়ে অৱগত কৰাত বিদ্যালয়ৰ প্ৰধান শিক্ষকে অভিযুক্ত শিক্ষকজনক বিদ্যালয়ৰ পৰা উলিয়াই দি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে৷

যদিও সন্ধিয়া অভিভাৱক উপস্থিত হৈ বিদ্যালয় প্ৰধান শিক্ষকক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে ছাত্ৰীৰ পৰিয়ালে গোৱালপাৰা সদৰ থানাত শিক্ষকজনৰ বিৰুদ্ধে গোচৰ তৰে। নিশাই শিক্ষক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই জঘন্য ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা বিদ্যালয়খনৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ নজমুল হক আৰু প্ৰধান শিক্ষক খণীন্দ্ৰ কুমাৰ দাসকো আৰক্ষীয়ে সোধ-পোছৰ বাবে থানালৈ আনি পিছত বিয়লিৰ ভাগত গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য যে, ৩১ মাৰ্চত দিনতেই সংঘটিত হোৱা ঘটনাটো নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ অভিভাৱকক খবৰ নিদিয়াকৈ আৰু আৰক্ষীক অৱগত নকৰাকৈ শিক্ষকজনক স্কুলৰ পৰা উলিয়াই দি ঘটনা গাপ দিয়াৰ চেষ্টা কৰে৷

প্রশ্ন কাকত কেলেংকাৰীত জড়িত থকা গোৱালপাৰা ছায়েন্স অকাডেমি কলেজ ব্লক আৰু স্কুল ব্লক আগতে একেটা কেম্পাছত আছিল যদিও যোৱা ডিচেম্বৰ মাহত স্কুল ব্লকটো চহৰখনৰ বাপুজিনগৰৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্র খেলপথাৰৰ সমীপৰ এটি অট্টালিকালৈ স্থানান্তৰ কৰে স্কুলখনৰ অধ্যক্ষ নজমুল হকে৷ 

শেহতীয়াকৈ ছায়েন্স অকাডেমি কলেজ ব্লক উচ্চতৰ মাধ্যমিকৰ প্ৰশ্ন কাকত কেলেংকাৰীত জড়িত হৈ পৰাত স্কুল ব্লকৰ অধ্যক্ষ নজমুল হকে ছায়েন্স একাডেমীৰ সলনি স্কুলখন গোৱালপাৰা পাব্লিক স্কুল নাম দি চলাই আছিল।