
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিৰ নিবাসী কৃতী শিক্ষক তথা কবি, সুলেখক অনিল চন্দ্ৰ নাথৰ নৱ প্ৰকাশিত কাব্য সংকলন 'সাঁকো-হৃদয়ৰ পৰা হৃদয়লৈ' যোৱা পহিলা এপ্ৰিলত উন্মোচন কৰা হয়৷
গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত কাব্য সংকলনখন আনুষ্ঠানিকভাবে উন্মোচন কৰে বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছুৰ জামানে৷
প্ৰতিশ্ৰুতি আলোচনীৰ সম্পাদক প্ৰণৱ জ্যোতি নদীয়ালে আঁতধৰা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সঞ্চালক ড০ অসমী গগৈ, ছ’চিয়েল মিডিয়া ফেচবুকৰ এগৰাকী জনপ্ৰিয় কবি কাব্যনীল, কবি দেৱৰাজ কলিতা, ৰমণী মোহন শৰ্মা, সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ সাগৰ চৌধুৰী, সাংবাদিক প্ৰাঞ্জল বৰদলৈ, প্ৰতিশ্ৰুতি প্ৰকাশনৰ স্বত্বাধিকাৰী অবিনাশ শৰ্মা, সাংবাদিক জয়ন্ত মুদৈকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাক৷
সভাত মৃণাল কুমাৰ বৰা, ধৰ্মেন্দ্ৰ নাথ, কাব্যশ্ৰী পাত্ৰকে ধৰি কেইবাগৰাকীও উদীয়মান কবিয়ে কবিতা পাঠ কৰি সভাৰ সৌষ্ঠব্য বৃদ্ধি কৰাৰ লগতে উপস্থিত সকলোকে কাব্যৰসৰ সোৱাদ দিয়ে৷ উল্লেখ্য, এগৰাকী সুদক্ষ অভিনেতা, চিত্ৰশিল্পী, যোগ সাধক আৰু যোগ প্ৰশিক্ষক হিচাপে সুপৰিচিত কবি অনিল চন্দ্ৰ নাথ বৃত্তি এগৰাকী শিক্ষক৷
কাব্যচৰ্চাক অন্তঃকৰণেৰে ভাল পোৱা নাথে শিক্ষকতাৰ সমান্তৰালকৈ দীৰ্ঘদিনৰে পৰা একাত্মভাবে কাব্য তথা সাহিত্য চৰ্চা মনোনিবেশ কৰি আহিছে আৰু ইতিমধ্যে তেওঁৰ বহু সংখ্যক কবিতা, গল্প, প্ৰৱন্ধ তথা তত্ত্বগধূৰ লেখা বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছে৷ গুৱাহাটীৰ প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা বেটুপাতৰ কাব্য সংকলনখন মুঠ ৫৩টা কবিতা সন্নিবিষ্ট কৰা হৈছে ৷