
মৰিগাঁওঃ গুৱাহাটী উচ্চ ন্যায়ালয় তথা বিদেশী ন্যায়ধীকৰত গোচৰ চলাৰ অন্তত বিদেশী বুলি চিনাক্ত হোৱা এগৰাকী লোকৰ নাম এনআৰচিৰ খচৰাত সন্নিবিষ্ট হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি৷
এই কাণ্ড সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত৷ বিদেশী ন্যায়ধীকৰণ ২০১১ বৰ্ষৰ নৱেম্বৰ মাহত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ আলী আহমেদ নামৰ লোকজনক বিদেশী বুলি চিনাক্ত কৰছিল৷ কিন্তু সকলোকে আচৰিত কৰি আলী আহমেদ নামৰ লোকজনৰ নাম এনআৰচিৰ প্ৰথম খন খচৰাত নাম অন্তৰ্ভুক্ত হৈছে৷
আলী আহমেদৰ পৰিয়ালৰ সদস্যৰ নামো এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ আশংকা কৰিছে ৰাইজে৷ এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিগাঁও জিলা তথা ৰাজ্যত৷ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে বিদেশী বুলি চিনাক্ত হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত ধুমুহাৰ সৃষ্টি হৈছে জিলাখনত৷
বিদেশী খেদাৰ নামত ৬ বছৰীয়া অসম আন্দোলন কিয় কৰা হ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে৷ আন্দোলনত বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হল আৰু দীৰ্ঘ সময়ৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি প্ৰস্তুতৰ বাট মুকলি হল। কিন্তু এনআৰচিক লৈ অসমীয়া ৰাইজৰ আশংকা দুৰ নহল৷
দেশৰ শীৰ্ষ আদালতে এনআৰচি সন্দৰ্ভত অসম চৰকাৰৰ ওপৰত সময়ে সময়ে হেঁচা প্ৰয়োগ কৰি আহিছে৷ অন্যথাই হয়তো আৰু এশ বছৰলৈ এনআৰচি প্ৰস্তুত নহ’লহেতেন। ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ প্ৰথমখন খচৰা ইতিমধ্যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পায়।
অসমৰ খিলঞ্জীয়া জনসাধাৰণে আশা কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জড়িয়তে অসমত থকা বিদেশী চিনাক্ত হ’ব আৰু অসম বিদেশী মুক্ত হ’ব৷ কিন্তু কিমান নিকা আৰু স্বচ্ছতাৰে প্ৰকাশ হল প্ৰথমখন খচৰা৷ এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিবলৈ আৰম্ভ হৈছে৷
এন আৰ চিৰ কামত নিয়োজিত একাংশ দ্বায়িত্বজ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ বাবেই এনেবোৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ এতিয়া প্ৰশ্ন হ’ল এনআৰচিৰ খচৰাত কিমান বিদেশীৰ নাম সোমাইছে৷ কিমান বিদেশী স্বদেশী হ’বলৈ ওলাইছে তাৰো এতিয়া তদন্ত হোৱাৰ প্ৰয়োজন আছে।
আলী আহমেদে গুৱাহাটী উচ্চ ন্যায়ালয়ত খোদ শপতনামা দাখিল কৰি তেওঁৰ নাম ভাৰতীয় হোৱাৰ তথ্য জমা দিয়াৰ ফলত এনআৰচিৰ খচৰাত নাম অহা বুলি কৈছিল।
এই ঘটনাক গুৰুত্ব সহকাৰে লৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিদেশী ঘোষণা কৰা আলী আহমেদে পুনৰ বিবেচনাৰ বাবে উচ্চ ন্যায়ালয়ত আৱেদনো কৰে। বিদেশী নাগৰিকজনে তেওঁ যে স্বদেশী তাৰ প্ৰমাণো উচ্চ ন্যায়ালয়ত দাখিল কৰা বুলি জানিব পৰা গৈছে। ইপিনে এনআৰচি কৰ্তৃপক্ষ আৰু অসম চৰকাৰক এই সন্দৰ্ভত নিৰ্দেশ দি ব্যৱস্থা লবলৈ কয় ন্যায়ালয়ে।