ঢেকীয়াজুলিৰ ৰজাই নকৰে প্ৰজাৰ কাম, ‘হে আল্লা-হে ঈশ্বৰ তুমিয়ে আমাৰ স্কুল খন ৰক্ষা কৰা’...

ঢেকীয়াজুলিঃ আইৰ সমান হব কোন, নৈৰ সমান বব কোন৷ নদী মানুহৰ ঈশ্বৰ, নদী মানুহৰ মাতৃ৷ নদীক মানুহে পূজা কৰে৷ এয়া এক পৰম্পৰা নতুবা বিশ্বাস৷ ৰজাই যেতিয়া প্ৰজাৰ কাম নকৰে তেতিয়া বিশ্বাস আৰু পৰম্পৰাক আকোৱালি লব লগা প্ৰজাই। হয়, কেইগৰাকী মান কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ইশ্বৰ-আল্লাক প্ৰাৰ্থনা জনাই কৈছে ‘হে ভগৱান তুমি আমাৰ বিদ্যালয় খন ৰক্ষা কৰা৷ হে আল্লা, হে ঈশ্বৰ তুমিয়ে আমাৰ স্কুল খন বচোৱা৷’ 

ঢেকীয়াজুলিৰ খাগৰিজান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ আৰ্তনাদ এতিয়া শুনিব কোনে? নৈৰ বুকুত জাহ যাবলৈ ওলোৱা বিদ্যালয় খনৰ ৰক্ষা কৰিবলৈ আহৰি নাই প্ৰশাসন, বিধায়ক, শিক্ষা বিভাগৰ৷ বিদ্যালয় খন ৰক্ষা কৰাৰ বাবে সোমবাৰে নৈৰ পাৰত ছাত্ৰ-ছাত্ৰীয়ে আল্লা ঈশ্বৰক প্ৰাৰ্থনা জনাব লগা হয়৷

খাগৰিজান প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কৱলত পৰি আতংকিত হৈ পৰিছে শিক্ষক আৰু ছাত্ৰ৷ বেলশিৰি নৈৰ ৰুদ্ৰমূৰ্তিয়ে সংহাৰী ৰূপ ধাৰণ কৰি বিদ্যালয় খন কম সময়ৰ ভিতৰতে নৈ খনত যাহ যাব সেয়া খাতাং৷

শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত খাগৰিজান প্ৰাৰ্থমিক বিদ্যালয়খনে এতিয়া মৃত্যুৰ ক্ষণ গণিছে৷ বাৰিষা অহাৰ লগে লগে যেন এক ভয়াবহ দুৰ্যোগৰ আশংকাত ভুগিছে বিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী৷ 

উল্লেখ্য যে, বিগত বৰ্ষত বিদ্যালয়খনৰ কাষৰে বৈ যোৱা বেলশিৰি নৈৰ প্ৰৱল খহনীয়াত জাহ গৈছিল খাগৰিজান বিদ্যালয়ৰ মূল বিদ্যালয়ৰ গৃহসমূহ৷ এনেদৰে বেলশিৰি নৈৰ প্ৰৱল খহনীয়াত অঞ্চলটোৰ ৰাইজৰ আশা ভৰষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখন প্ৰায় নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছে৷

যিখিনি অৱশিষ্ট ৰৈছে সেয়া ৰক্ষণাবেক্ষণ দিবৰ বাবে জিলা প্ৰশাসন, বিধায়ক, জলসম্পদশিক্ষা-বিভাগে গুৰুত্ব প্ৰদান কৰা নাই৷ স্থানীয় বিধায়কক বাৰ বাৰ আৱেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিদ্যালয় খন ৰক্ষা কৰিবলৈ৷ যাৰ বাবে এতিয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে আল্লা-ঈশ্বৰক প্ৰাৰ্থনাকে কৰিছে৷

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া প্ৰাৰ্থনা কৰি বেলশিৰি নৈৰ ক্ষান্ত হ’বলৈ কয়৷ হে ঈশ্বৰ আমাৰ বিদ্যালয়খনৰ যি খিনি অৱশিষ্ট আছে তাক যেন বচাই দিয়া বুলি কয়৷
১৯৫৭ চনতে স্থাপন কৰা চৰকাৰী বিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী থকাৰ পিছটো কেৱল এটা শ্ৰেণী কোঠাত ৬টাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক একে লগে পাঠদান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ 

বিদ্যালয় গৃহসমূহ নৈৰ বুকুত জাহ যোৱাৰ পিছতে বাচি থকা শ্ৰেণীকোঠাটো অতি কষ্টৰে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি আহিছে৷ সততে গুণগত শিক্ষাৰ কথা কৈ অহা শিক্ষা বিভাগে বিদ্যালয়খনৰ এনে দুৰাৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পিছটো আজি পৰ্যন্ত একো পদক্ষেপেই গ্ৰহণ নকৰিলে৷