
ফিল’বাৰীঃ ৰাজ্যত আজিও অব্যাহত আছে জাল নোটৰ ব্যৱসায়৷ লাখ লাখ টকাৰ জাল নোট প্ৰচলন হৈ আহিছে ৰাজ্যত৷ ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই ২ লাখ ৫০ হাজাৰ টকাৰ জাল নোট সহ এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছতেই এই কথা প্ৰমাণ হয়৷
মঙলবাৰে শদিয়াৰ ৰাজীৱ বুঢ়াগোহাঁই নামৰ লোকজনক লেপেটকাটাৰ পৰা আৰক্ষীয়ে AS-0-6T-1061 নম্বৰৰ এখন স্কুটি আৰু দুটা মোবাইল হেণ্ডছেট সহ আটক কৰে৷ জানিব পৰা মতে, দীৰ্ঘ সময় ধৰি এই ব্যৱসায়ৰ সৈতে জৰিত আছিল ৰাজীৱ৷ আৰক্ষীয়ে খবৰৰ ভিত্তিত অভিযান চলাই জালত পলাই ৰাজীৱক৷