মধুক বৰ্বৰ ভাৱে হত্যা কৰি চেল্ফি তুলিছিল সম্ভ্ৰান্তৰ সন্তানে, ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে দিলে ডেৰ লাখ

ডিজিটেল ডেস্কঃ যোৱা ২২ ফেব্ৰুৱাৰীত চুৰি কৰাৰ সন্দেহত কেৰালাত আদিবাসী জনগোষ্ঠীৰ কাদুকামান্না সম্প্ৰদায়ৰ এজন যুৱকক কেইজনমান লোকে ৰাজহুৱা ভাবে প্ৰহাৰ কৰি হত্যা কৰিছিল৷ এই খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কাৰ ঘটনাক বহু লোকে গৰিহণা দিছিল৷ বৰ্বৰ ভাৱে কেইগৰাকীমান লোকে আক্ৰমণ কৰাৰ সময়ত চেল্ফি তুলি সেই ফটো ছচিয়েল মিডিয়াড আপলোড কৰিছিল অভিযুক্তসকলে৷

কেৰালাৰ আট্টাপাদিৰ দৰিদ্ৰ পৰিয়ালৰ মধু নামৰ যুৱকজনৰ মৃত্যুৰ প্ৰায় এমাহৰ মূৰকত ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগে ১ লাখ ৫০ হাজাৰ টকা সাহায্য প্ৰদান কৰে৷ সমাজকৰ্মী ৰাহুল এচৱাৰৰ জৰিয়তে এখন চেক প্ৰদান কৰে সেহৱাগে৷ ইতিমধ্যে ৰাহুলে মধুৰ মাতৃৰ হাতত এই চেক খন প্ৰদান কৰে৷ আদিবাসী জনগোষ্ঠীৰ কাদুকামান্না সম্প্ৰদায়ৰ ২৭ বছৰীয়া যুৱকজনক চুৰি কৰাৰ সন্দেহত হত্যা কৰে কেইগৰাকীমান লোকে৷ প্ৰথমে বৰ্বৰ ভাৱে মাৰ-ধৰ কৰে যুৱকজনক৷

মধুক মাৰ-ধৰ কৰি থকাৰ সময়ত চেল্ফি উঠি হাঁহি ধেমালি কৰিছিল আক্ৰমণকাৰীয়ে৷ তাৰ পিছতে যুৱকজনক মূমূৰ্ষ অৱস্থাত আৰক্ষীক গতাই দিয়ে মাৰধৰ কৰা লোকসকলে৷ আৰক্ষীৰ গাড়ীত মধু নামৰ যুৱকজন অচেতন হৈ পৰে৷ আৰক্ষীয়ে চিকিৎসালয়ত নিয়ে যদিও যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে৷ মধুক মাৰ ধৰ কৰাৰ সময়ৰ চেল্ফি ইতিমধ্যে ভাইৰেল হৈ পৰিছিল৷